WATCH | Dhemaji News :ধেমাজি জিলা ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান

ধেমাজি,২৬মাৰ্চ : ধেমাজি জিলা ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান। এদিনত ৫ টাকৈ গোচৰ ৰায়দান।
ধেমাজি জিলা ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান, একে দিনাই ৫ টাকৈ গোচৰ ৰায়দান আদালতৰ। ন্যায়ধীশ কৌশিক হাজৰিকাৰ ন্যায়িক আদালতৰ ৰায়দান
চিলাপথাৰ থানাৰ অন্তৰ্গত চাখিচৰণ বিশ্বাসক Pocso ধাৰা ৬ অধীনত ৩০ বছৰ সশ্ৰম কাৰদণ্ড আৰু ৩০ হাজাৰ জৰিমণা বিহে, লগতে জৰিমনা অনাদায় কৰিলে দুই বছৰ অতিৰিক্ত কাৰাদণ্ড বিহিব লাগিব ।
ধেমাজি থানাৰ অন্তৰ্গত তিলক শইকীয়াক Pocso ধাৰা ৬ ৰ অধীনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০ হাজাৰ জৰিমণা, জৰিমনা অনাদায় কৰিলে অতিৰিক্ত দুই বছৰ কাৰাদণ্ড খাটিব লাগিব(Dhemaji News)।
গোগামুখ থানাৰ অন্তৰ্গত দিপক ৰজাইক Pocso ধাৰা ৪ অধীনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০ হাজাৰ টকা জৰিমণা, জৰিমনা অনাদয় কৰিলে অতিৰিক্ত দুই বছৰ কাৰাদণ্ড।
চিলাপথাৰ থানাৰ অন্তৰ্গত চেনাই চাংমাইক Pocso ধাৰা ১০ অধীনত ৬ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ১৫ হাজাৰ টকা জৰিমণা, জৰিমনা দিব নোৱাৰিলে ৬ মাহ অতিৰিক্ত খাটিব লাগিব কাৰাদণ্ড।
জোনাই থানাৰ অন্তৰ্গত লালবাবু কৰ্মকাৰক ভাৰতীৰ দণ্ড বিধি ৩২৬ অধীনত ৫ বছৰ কাৰাদণ্ড আৰু ১০ হাজাৰ জৰিমণা লগতে ৩০৭ অধীনত ১০ বছৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকা জৰিমণা বিহে বুলি ধেমাজি জিলা সত্ৰ ন্যায়িক আদালতৰ চৰকাৰী অধিবক্তা অজয় ফোগলাই জানিবলৈ দিয়ে।