WATCH | Dhemaji News : সাতটা ভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন
ধেমাজি,২৫মাৰ্চ : সাতটা ভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন। অসম চৰকাৰৰ কেবিনেটে জোনাই সমষ্টিত নতুনকৈ চিমেন-চিচিটঙানী নামেৰে নতুন উন্নয়ন খণ্ডৰ কাৰ্যালয় স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ পিছতে জাতীয় দল সংগঠনৰ ধন্যবাদ।
মিচিং জাতীয় ছাত্ৰ সংগঠন টি এম পি কে, আছু , গোৰ্খা ছাত্ৰ সন্থা, হাজংকে ধৰি সাতটা জাতীয় ছাত্ৰ সংগঠনে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিবলৈ ওলাই আহিল ভিন্ন জাতীয় দল সংগঠন(Dhemaji News)।
চিলাপথাৰৰ ডিমৌত এখনি উষ্ম আদৰণি অনুষ্ঠান আয়োজন কৰি সাংস্কৃতিক শোভাযাত্ৰাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,সাংসদ প্ৰদান বৰুৱা, বিধায়ক ৰনোজ পেগুক ধন্যবাদ জ্ঞাপন কৰে।
মিচিং জাতীয় ছাত্ৰ সংগঠন TMPK, আছু , গোৰ্খা ছাত্ৰ সন্থা, হাজং, কোচ ৰাজবংশী,বড়ো ছাত্ৰ সন্থা এবচু, ভোজপুৰী ছাত্ৰ সন্থা, বঙালী ফেডাৰেচনৰ উদ্যোগত ডিমৌ কৃষ্টি ভৱনৰ পৰা ডিমৌ চাৰিআলিলৈ বাৰেবৰনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।