WATCH | Dhemaji News : বৰদলনিৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য

ধেমাজি,২৩মাৰ্চ : বৰদলনিৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য ।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰপৰিষদ এক বিংশতিতম দ্বি বাষিক কেন্দ্ৰীয় অধিবেশনস্থলীলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ অন্তৰ্গত বৰদলনি আঞ্চলিক সমিতিৰ যুতীয়া সম্পাদক মনজিৎ দও আৰু সাংগঠনিক সম্পাদক ডেনিম চুতীয়া পদযাত্ৰা কৰি গোলাঘাট অধিবেশনলৈ ৰাওনা।
আজি পুৱা বৰদলনি চাৰিআলিৰ পৰা সংগ্ৰামী নেত্ৰা মঞ্জিত দত্ত আৰু ডেনিম চুতীয়াই প্ৰায় ৪৩০ কিলোমিটাৰ ৰাওনা কৰিছে ছাত্ৰ নেতা দুজন পদযাত্ৰাৰে(Dhemaji News)।
অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, পূৰ্ণ স্বায়ত্ত্ব শাসনৰ দাবীৰ লগতে নিচা মুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ দাবীৰে পদযাত্ৰাৰ আৰম্ভনী কৰে বুলি জানিবলৈ দিয়ে।
আজি উক্ত খনত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য শৰৎ চুতীয়া,জিলা সাধাৰণ সম্পাদক ৰঞ্জন বৰা, জিলা যুটীয়া সম্পাদক তিলক কাকতি, বৰদলনি আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদকৰ লগতে আঞ্চলিক সমিতিৰ বিষয় ববিয়া সকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Nagaon News : শিক্ষকৰ বিৰুদ্ধে ছাত্রীক অশালীন ইংগিত প্ৰদানৰ অভিযোগ