WATCH | Dhemaji News : দাপোন ভাষাৰ সৃষ্টিৰে বিশ্ব অভিলেখ গঢ়া চিলাপথাৰৰ সু-সন্তান ড০ উত্তম দাসৰ ওপৰত নিৰ্মিত হ’ব তথ্য চিত্ৰ
ধেমাজি,১৫মাৰ্চ : দাপোন ভাষাৰ সৃষ্টিৰে বিশ্ব অভিলেখ গঢ়া চিলাপথাৰৰ সু-সন্তান ড০ উত্তম দাসৰ ওপৰত নিৰ্মিত হ’ব তথ্য চিত্ৰ।
অসমৰ বিশিষ্ট চলচিত্ৰ পৰিচালক তথা ‘আইদেউ’ শ্ৰেষ্ঠ অসমীয়া ছবি শিতানত ৫৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) পুৰস্কৃত অৰূপ মান্নাৰ পৰিচালনাত আৰু কলকতাৰ বিশিষ্ট লেখিকা তথা বাংলা বোলছবিৰ প্ৰযোজক ৰাণু ৰয়ৰ প্ৰযোজনাত নিৰ্মিত হব লগা তথ্য চিত্ৰ খনিত সহযোগী পৰিচালক হিচাপে থাকিব দৰ্শনা হাজৰিকা।
অসমীয়া ভাষাত নিৰ্মিত হব লগা তথ্যচিত্ৰ সম্পর্কে আজি এক সংবাদ মেল যোগে অৱগত কৰে সকলো কথা(Dhemaji News)।
আয়নাৰ ভাষা সৃষ্টিৰে অসমবাসীক গৌৰৱাম্বিত কৰা ড০ উত্তম দাসৰ এই সৃষ্টিৰাজিক বিশ্ব দৰবাৰত নিয়াৰ প্ৰসায় কৰিব বুলি জনায় নিৰ্মাণ সমিতিয়ে।
স্মৰ্তব্য যে ড০ উত্তম দাসৰ ব্যক্তিক্ৰমী চিন্তাৰে দাপোনৰ ভাষাত ইতিমধ্যেই ভাগৱত,কোৰাণ, বাইবেল আদি কৰি বিশেষ বিশেষ বহু গ্ৰন্থ প্ৰকাশ কৰিছে। দাপোনৰ ভাষাত লিখা মাধৱদেৱৰ বিৰচিত ‘নামঘোষা’ খনো ইতিমধ্যেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে চিলাপথাৰৰ এক অনুষ্ঠানত উন্মোচন কৰে। দাসৰ এই সফলতাৰ বাবে তেওঁ ইতিমধ্যেই লিমকা বুক অৱ ৰেকৰ্ডছ, ওয়ার্ল্ড ৰেকৰ্ডছ, এছিয়া বুক অফ ৰেকৰ্ডছ, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ কেধৰি কেবাটাও ৰেকৰ্ডছ অৰ্জন কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক : WATCH | Chapar News : চাপৰত বিলাসীপাৰা জিলা বিজেপিৰ সংবাদ মেল