Local, Vocal, Global

WATCH | Dhemaji News : ধেমাজি জিলা সদৰত দুই সংগঠনৰ উত্তাল প্ৰতিবাদ

ধেমাজি,১২মাৰ্চ : ধেমাজি জিলা সদৰত দুই সংগঠনৰ উত্তাল প্ৰতিবাদ।

ধেমাজি উন্নয়ন প্ৰাধিকৰনৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত ধেমাজি উন্নয়ন প্ৰাধিকৰনৰ প্ৰতীকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুই টাই(Dhemaji News)।

প্ৰতিবাদত দুই সংগঠনে ধেমাজি ট্ৰাক আস্থানৰ গৃহ ব্যক্তিগত প্ৰতিষ্ঠানে কৰ নিদিয়াকৈ কেনেদৰে লাভ কৰিলে তাৰ তদন্ত কৰি দোষী ব্যক্তিগত শাস্তি প্ৰদান কৰা লগতে ট্ৰাক আস্থানৰ গৃহ ব্যক্তিগত প্ৰতিষ্ঠানৰ অনুমতি শীঘ্ৰেই বাতিল কৰক আৰু নতুন নিবিদা আহ্বান কৰিবৰ বাবে দাবী জনাই।

ইফালে আজি উক্ত প্ৰতিবাদ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল কৰি তোলে পৰিবেশটো ।

লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs: আমিনগাঁৱত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ