Local, Vocal, Global

WATCH | Dhemaji News: সংৰক্ষিত বনাঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড

ধেমাজি,৯মাৰ্চ : সংৰক্ষিত বনাঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড। দুর্বৃত্তই অগ্নি সংযোগ কৰা সন্দেহ ।

ধেমাজি জিলা বনবিভাগৰ অধীনষ্ঠ জয়ৰামপুৰ পান বাৰি বন বিভাগৰ সংৰক্ষিত কাঞ্চন কোনা বনাঞ্চলত কোনো দুর্বৃত্ত‌ই আজি পুৱা ভাগত অগ্নি সংযোগ কৰা সন্দেহ কৰে।

অগ্নিকাণ্ড ফলত প্ৰায় ৩০০ বিঘাৰো অধিক সংৰক্ষিত বনাঞ্চলত জুই লগা সন্দেহ কৰা হৈছে।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই(Dhemaji News)।

ঘটনা সন্দৰ্ভত সঠিক বিৱৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষী তদন্ত পিছলৈ জানিব পৰা যাব ঘটনা সঠিক তথ্য।

সংৰক্ষিত বনাঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড। দুর্বৃত্তই অগ্নি সংযোগ কৰা সন্দেহ ।

লগতে পঢ়ক : WATCH | Hajo News: হাজোৰ চৰাবৰীৰ কঠালঘোপাত আজব কাণ্ড;খেতি কৰিবলৈ ভূমি আধি দি বিপদত গৰাকী