Local, Vocal, Global

WATCH | Dhemaji News : শিক্ষা মন্ত্ৰী জিলাতেই প্ৰাথমিক শিক্ষা ক্ষেত্ৰত চৰম দৈন্যতা

ধেমাজি,৮ মাৰ্চ : শিক্ষা মন্ত্ৰী জিলাতেই প্ৰাথমিক শিক্ষা ক্ষেত্ৰত চৰম দৈন্যতা, ৭০ গৰাকীৰ অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত নাই এজনো শিক্ষক।

ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত চিচিবৰগাঁও পঞ্চায়তৰ ১ নং কদমনি প্ৰাথমিক বিদ্যাল়য় চিচি চুমনি গাঁওত ২০০৩ চনত স্থাপিত বিদ্যালয়খনত প্ৰায় ৭০ গৰাকীও অধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত খন নাই শিক্ষক ।

বিদ্যালয় খনত একমাত্ৰ শিক্ষক এজন আছে যদিও CRCC’ৰ দায়িত্বৰ বাবে প্ৰায় বিদ্যালয়ৰ পৰা আঁতৰি থাকিব লগ হয় শিক্ষক জন।

ৰাইজে বিভাগীয় কতৃপক্ষৰ ওচৰত বহুবাৰ আপত্তি দৰ্শোৱা পিছতো আজিলৈ সমাধান নহল স্কুলখনৰ সমস্যা(Dhemaji News)।

এই সন্দৰ্ভত বিদ্যালয়ৰ শিক্ষক জনে বিভাগীয় কতৃপক্ষক জনোৱাত শিক্ষক দিয়া ব্যৱস্থা কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় শিক্ষক জনে ।

ইপিনে আজি এনে অচলাৱাৱস্থৰ মাজতে স্থানীয় ৰাইজৰ অনুৰোধ মৰ্মে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটা দলে পৰিদৰ্শন কৰে বিদ্যালয়খনৰ পৰিস্থিতি।

স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি বিভাগীয় প্ৰশাসনৰ লগতে ধেমাজি জিলাক প্ৰতিনিধিত্ব কৰা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক তীব্ৰ সমালোচনা কৰে।

ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতৰ প্ৰতি নজৰ ৰাখি ৰাইজৰ অনুৰোধত অহা ১০ মাৰ্চৰ পৰা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই বিদ্যালয়খনত পাঠদান কৰিব বুলি সদৰি কৰে সংবাদ মাধ্যমৰ আগত।

লগতে পঢ়ক : WATCH | Boko News: হেকেৰা হৈ নগৰবেৰালৈ যোৱা গড়কাপ্তানী পথৰ আধাৰশিলা কৰে সাংসদ বিজুলী কলিতা মেধিয়ে