Dhakuakhona jahangir hussains murder case :সুনীল গগৈৰ ঘৰৰ কাষৰ পুখুৰীত উদ্ধাৰ ছিন্ন মুণ্ড
নিউজ ডেস্ক,৩০নৱেম্বৰ : ঢকুৱাখনাত দলঙৰ তলত নৰমুণ্ড উদ্ধাৰ।মাছ মাৰি থাকোঁতে উদ্ধাৰ হয় নৰমুণ্ডটো ।এটা বস্তাৰ ভিতৰত উদ্ধাৰ হয় ছিন্নমুণ্ডটো।মাছমৰীয়াৰ জালত উঠিছিল ছিন্ন মুণ্ডটো। বস্তাৰে বান্ধি থোৱা আছিল এটা শিলগুটিত। ছিন্ন মুণ্ডটো জাহাংগীৰ হুছেইনৰ বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, ১ জুনৰ নিশা ঢকুৱাখনাৰ নাহৰণিচুকৰ চোমনিত উদ্ধাৰ হৈছিল এটা মৃতদেহ।উদ্ধাৰ হোৱা মুণ্ডহীন মৃতদেহটো প্ৰথম অৱস্থাত জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ বুলি সন্দেহ কৰা হৈছিল যদিও CID আৰু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল আন এক তথ্য।উদ্ধাৰ হোৱা মৃতদেহটোৰ DNA পৰীক্ষাৰ প্ৰতিবেদনত জানিব পৰা যায় যে মৃতদেহটো সুনীল গগৈৰ নাছিল। মৃতদেহটো আছিল জাহাংগীৰ হুছেইন নামৰ ধুবুৰীৰ এজন ৰাজমিস্ত্ৰীৰ(Dhakuakhona jahangir hussains murder case)।
জাহাংগীৰ হুছেইন আছিল সুনীল গগৈৰ অতি ঘনিষ্ঠ। মৃতদেহটো সুনীল গগৈৰ নহয় বুলি আৰক্ষী নিশ্চিত হোৱাৰ পিছত সন্ধানহীন সুনীল গগৈক বিচাৰি অব্যাহত আছিল আৰক্ষীৰ তদন্ত। আনকি আৰক্ষীয়ে বিচাৰি নাপালে মুণ্ডহীন জাহাংগীৰৰ মৃতদেহটোৰ ছিন্ন মুণ্ডটিও। সুনীলৰ ঘৰত থকা গোটেইকেইটা পুখুৰী সিঁচি চলাথ কৰাৰ পিছতো আৰক্ষীয়ে বিচাৰি নাপালে জাহাংগীৰৰ ছিন্ন মুণ্ডটি ।
সন্ধানহীন সুনীল গগৈক বিচাৰি আৰক্ষীয়ে কৰি থকা তদন্তত সুনীল গগৈৰ পত্নী আৰু পুত্ৰক আৰক্ষীয়ে ধাৰাবাহিকভাৱে জেৰা কৰি আছিল, কিন্তু লাভ কৰা নাছিল কোনো তথ্য।
ছমাহ পিছত এতিয়া ছিন্ন মুণ্ড উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰণ নিখোঁজ সুনীল গগৈৰ ঘৰৰ কাষৰ পুখুৰীতে উদ্ধাৰ হৈছে ছিন্ন মুণ্ডটো। এতিয়া আৰক্ষীৰ তদন্তত ওলাব প্ৰকৃত সত্য। সঁচাই ছিন্ন মুণ্ডটো জাহাংগীৰ হুছেইনৰ হয়নে নহয়।
লগতে পঢ়ক :Recover ketela pohu at Bongaigaon:বঙাইগাঁৱৰ নাম্বাৰপাৰাত কেটেলা পহু উদ্ধাৰ