বাল্য বিবাহৰ অভিযুক্ত গ্ৰেপ্তাৰক লৈ DGPৰ সংবাদমেল…

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈছে অসম আৰক্ষী৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে অভিযান। অভিযানত আটক কৰা হৈছে বেআইনী স্বামীক৷আজি বাল্যবিৱাহ সন্দৰ্ভত DGP কাৰ্যালয়ত সংবাদমেল সম্বোধন জি পি সিঙৰ৷
আজিৰ দিনটোত ৰাজ্যৰ ২,০৪৪গৰাকী বেআইনী স্বামীক গ্ৰেপ্তাৰ কৰা হয় বুলি সংবাদমেলত মন্তব্য কৰে জি পি সিঙে৷ বাল্যবিৱাহৰ সৈতে জড়িত ৫২ জন পুৰোহিত আৰু কাজীকো গ্ৰেপ্তাৰ কৰা হৈছে৷ ধুবুৰী, বৰপেটা, কোকৰাঝাৰ, বিশ্বনাথত সৰ্বাধিক বেআইনী স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সংবাদমেলত মন্তব্য জি পি সিঙৰ ৷