Local, Vocal, Global

SI junmoni Rabha Death : সোমবাৰে দিল্লীস্থিত CBI মুখ্য কার্যালয়ত আলোচনাত বহিব আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

নিউজ ডেস্ক, ১১ জুন : সোমবাৰে দিল্লী CBI মুখ্য কাৰ্যালয়ত উপস্থিত হ’ব অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (DGP GP Singh) । জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত চি বি আইৰ মুখ্য কাৰ্যালয়লৈ গৈ আলোচনাত বহিব আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Junmoni Rabha Death) ৷

মৰিকলঙৰ উপ-পৰিদৰ্শক জোনমনি ৰাভাৰ সন্দেহজনক মৃত্যুৰ ঘটনাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (CBI)ৰ কাৰ্যালয়লৈ যাবলৈ নিৰ্দেশ দিছে । সোমবাৰে নতুন দিল্লীত উপষ্ঠিত হ’ব জি পি সিং (SI Junmoni Rabha Dead case) ।

সংবাদমাধ্যমৰ আগত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সোমবাৰে দিল্লীলৈ যাব ডিজিপি সিং ৷ দিল্লীত চি বি আইৰ মুখ্য কাৰ্যালয়লৈ গৈ এই সন্দৰ্ভত আলোচনা কৰাৰ কথা সদৰী কৰে ডিজিপি গৰাকীয়ে ৷ অহা দুই এদিনত জোনমণিৰ মৃত্যুৰ ঘটনা CBI লৈ হস্তান্তৰ হ’ব বুলি জানিবলৈ দিয়ে ডিজিপিগৰাকীয়ে (DGP GP Singh to CBI headquarter) ৷

উল্লেখ্য যে, নগাঁৱৰ জখলাবন্ধাত যোৱা ১৫ মে’ৰ নিশা পথ দুৰ্ঘটনাত পতিত হৈ জোনমণিৰ ৰাভাৰ ৰহস্যজনক ভাৱে মৃত্যু হৈছিল । জোনমণিৰ মৃত্যুৰ সমগ্ৰ ঘটনাটো ৰহস্যৰ মাজত সোমাই পৰিছিল ৷ তাৰ পিছতে দুটাকৈ ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পিছতে ঘন ৰহস্যৰ মাজত সোমাই পৰিছিল সমগ্ৰ ঘটনাটো ৷

পৰিয়ালৰ লোকে দাবী কৰিছিল যে জোনমণিৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড ৷ সমগ্ৰ ঘটনাটো প্ৰথমে CID ক অৰ্পন কৰা হৈছিল যদিও পিছলৈ CBI ক তদন্ত অৰ্পণ কৰিবলৈ দল সংগঠনে দাবী কৰাৰ পিছতে সমগ্ৰ ঘটনাৰ তদন্ত CBI লৈ হস্তান্তৰ কৰা হৈছিল ৷

উল্লেখযোগ্য যে চিবিআইয়ে কেৱল কেন্দ্ৰীয় শাসিত অঞ্চলতহে অপৰাধৰ তদন্ত গ্ৰহণ কৰিব পাৰে । অৱশ্যে, কেন্দ্ৰীয় চৰকাৰে চিবিআইক এখন ৰাজ্যত অপৰাধৰ তদন্ত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিব পাৰে কিন্তু কেৱল সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ সন্মতিৰ দ্বাৰাহে ।

ইয়াৰ বাহিৰেও উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়েও চিবিআইক ৰাজ্যৰ সন্মতি অবিহনে দেশৰ যিকোনো স্থানত অপৰাধৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিব পাৰে।

লগতে পঢ়ক : Pradhan Mantri Matsya Sampada Yojana : ১৬৯ কোটি টকাৰ ব্যয়েৰে মীনপালনৰ আধাৰশিলা স্থাপন কৰিলে সৰ্বানন্দ সোণোৱালে