Local, Vocal, Global

DGP GP Singh in Tamulpur : আৰক্ষীক ভাল আৰু ভদ্ৰ মানুহ হ’বলৈ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানৰ

তামুলপুৰ, ২২অক্টোবৰ : আৰক্ষীক ভাল আৰু ভদ্ৰ মানুহ হ’বলৈ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানৰ । পুনৰবাৰ আৰক্ষীক আহ্বান আৰক্ষী সঞ্চালক প্ৰধান ।

উল্লেখ্য যে দেওবাৰে তামুলপুৰত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং । দেওবাৰে তামুলপুৰ জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজনৰ অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ।

এই অনুষ্ঠানত উপস্থিত থাকি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে, এজন আৰক্ষীৰ পোছাকত সকলো লিখা থাকে কিন্তু ভাল আৰু ভদ্ৰ বুলি লিখা নাথাকে । গতিকে এজন আৰক্ষীয়ে নিজে ভাল আৰু ভদ্ৰ হ’ব লাগিব । গতিকে এজন ভাল আৰক্ষী হওক(Tamulpur DGP GP Singh) ।

ভাল আৰক্ষী হ’লে সমাজৰ পৰা বেয়াবোৰ নিজে নিজে আতৰি যাব । আমি সদায় বুজিব লাগিব যে আমি আৰক্ষীত আহিছো ৰাইজৰ সহায় কৰিবলৈ, আৰু আমি ভাল আৰক্ষী হৈ ৰাইজক সহায় কৰিব লাগিব ।

নতুনকৈ অহা আৰক্ষীসকলক আহ্বান জি পি সিঙৰ যাতে তেওঁলোক এজন আৰক্ষী নহয়, এজন ভাল মানুহ হয় । তেতিয়াই হে ৰাইজে আৰক্ষীক ভাল পাব ।

এই ভাষণৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সাংবাদ মাধ্যমৰ আগত বিভিন্ন বিষয়ক লৈ মন্তব্য কৰে । তেওঁ কয় যে , গুৱাহাটীৰ মহানগৰী লগতে অসমত পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছো। সকলোৱে হেলমেট আৰু চিতবেল্ট পৰিধান কৰি গাড়ী চলিবলৈ আহ্বান জনোৱা হৈছে । অসমৰ ল’ৰা ছোৱালী আলফাৰ কেম্পত যোৱা বন্ধ কৰিব লাগে।

আলফাত কিমান লোকৰ মৃত্যু হৈছে কোন কেতিয়া কেম্পত গৈছিল সেয়া আলফাই জানিব।

লগতে পঢ়ক : Tiger Roams Freely in Goreswar : ৰাজ্যত পুনৰ বাঘৰ মুক্ত বিচৰণ