DGP GP Singh Comments On Ulfa : আলফা (স্বাঃ) সন্দৰ্ভত জি পি সিঙৰ গুৰুত্বপূৰ্ণ মন্তব্য

নিউজ ডেস্ক,৩১অক্টোবৰ : আলফা (স্বাঃ) সন্দৰ্ভত জি পি সিঙৰ গুৰুত্বপূৰ্ণ মন্তব্য । বিগত কেইদিন ধৰি জি পি সিঙে আলফা (স্বাঃ)ক লৈ কেইবাটাও টুইট কৰি আছে । আজি পুনৰ আলফা (স্বাঃ)ক লৈ মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ(DGP GP Singh Comments On Ulfa) ।
মঙলবাৰে লতাশিল খেলপথাৰত ৰাষ্ট্ৰীয় একতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি মন্তব্য জি পি সিঙৰ(DGP GP Singh Comments On Ulfa(I)) ।
মঙলবাৰে সাংবাদিকৰ সন্মুখত আৰক্ষী সঞ্চালক প্ৰধান গৰকীয়ে কয়, ‘আমাৰ ল’ৰা ছোৱালীবোৰ আলফাললৈ যাব নালাগে । আমাৰ ল’ৰা ছোৱালীবোৰ নিজৰ স্থানত থাকি কাম কৰক । আমাৰ ল’ৰা ছোৱালীৰ বাবে আমি উন্নয়নমূলক কাম কৰিছে আৰু আমি উন্নয়নমূলক কাম কৰি যাম । আলফালৈ গ’লে তেওঁলোকে একো কৰিব নোৱাৰে । কোন সংগঠনৰ মানুহে মোৰ কথা কি ভাৱে মই সেই কথা গুৰুত্ব দিবলৈ নাযাও । মই এই বিষয়ে কেতিয়াও চিন্তা কৰিবলৈ নাযাও ।
লগতে জি পি সিঙে লগতে কয় যে, অসম আৰক্ষী এটা ২০০ বছৰীয়া ইতিহাস সমৃদ্ধ অনুষ্ঠান । আলফা স্বাধীনে তেওঁক সমালোচনা কৰক, তাত তেওঁৰ কোনো আপত্তি নাথাকিব।কিন্তু অসম আৰক্ষী সন্দৰ্ভত বেয়াকৈ নক’ব ।আলফা স্বাধীনে অসম আৰক্ষীক অশ্লীল শব্দৰে অপমান কৰিছে। যি কেতিয়াও গ্ৰহণযোগ্য নহয়।
নতুনকৈ আলফা স্বাধীনত অসমীয়া যুৱকৰ যোগদান সন্দৰ্ভত কৰা সংবাদিকৰ প্ৰশ্নৰ উত্তৰত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, আলফা স্বাধীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পৰা অসমৰ নতুন প্রজন্ম আঁতৰি থাকক।