Local, Vocal, Global

মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড বিস্ফোৰণ ৪ টাকৈ চিলিণ্ডাৰ

নিউজ ডেক্স,১৬জুলাই : মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ উদয়াচল পথত ভয়ংকৰ অগ্নিকাণ্ড।

চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হয় এই ভয়ংকৰ ঘটনাৰ। ৪টাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হৈ সূত্ৰপাত হয় বিধ্বংসী অগ্নিকাণ্ডৰ।

এই ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় এগৰাকী মহিলাৰ । লগতে জুইত ভষ্মিভুত হয় তিনিটাকৈ বাসগৃহ আৰু সমস্ত আচবাব পত্ৰ।

অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুওৱা মহিলাগৰাকী দ্ৰৌপদী ৰায় বুলি চিনাক্ত কৰা হয়।

এই বিধ্বংসী অগ্নিকাণ্ডত জ্বলি ছাই হয় উপেন ৰয় , বাবলি ৰয় , দ্ৰৌপদী ৰয়ৰ বাসগৃহ ।

এই বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ন জাহ যায় তিনিওটা বাসগৃহ আৰু ৮০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় দ্ৰৌপদী ৰায়ে মৃত্যু হয় এটা পোহনীয়া কুকুৰৰো।

ৰাইজৰ অভিযোগ অগ্নিনিৰ্বাপক বাহিনী প্ৰায় ডেৰ ঘন্টাৰ পিছত ঘটনাস্থলীত উপস্থিত হয়।

অৱশেষত ৪ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপণ কৰা হয়।