Local, Vocal, Global

Fire break out : কলিয়াবৰত বিধ্বংসী অগ্নিকাণ্ড

কলিয়াবৰ, ২৩অক্টোবৰ : ৰাজ্যজুৰি পালন কৰা হৈছে দুৰ্গা পূজা । চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাস । দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ।

পূজাৰ আনন্দৰ মাজতেই কলিয়াবৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা । কলিয়াবৰৰ জখলাবন্ধাৰ মাজমজিয়াত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনাটো(Fire break out)।

উল্লেখ্য যে, এখন গেলামাল দোকানত এই অগ্নিকাণ্ডটো সংঘটিত হৈছে । দাউ দাউ কৈ জলি উঠিল জখলাবন্ধাৰ ৰেলগেটৰ সমীপৰ গেলামাল দোকান। অগ্নিকাণ্ডৰ ফলত জুইত সম্পুৰ্ণৰূপে ভস্মীভূত হয় গেলামালৰ দোকানখন।

জানিব পৰা মতে, এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২ ৰ পৰা ৩ লক্ষাধিশ টকাৰ মূল্যৰ সা- সম্পত্তি জুইত জাহ যোৱাৰ আশংকা কৰা হৈছে(Devastating fire at Kaliabor)।

এই অগ্নিকাণ্ড কাৰণ বৰ্তমালৈকে জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হৈছে যদিও কেইবা লক্ষাধিশ টকাৰ সম্পত্তি লোকচান হোৱাৰ আশংকা কৰা হৈছে।

লগতে পঢ়ক : Birendra Nath Datta passes away : বকুল তল উকা কৰি গ’লগৈ বিশিষ্ট সাহিত্যিক, গীতিকাৰ ড০ বীৰেন্দ্ৰ নাথ দত্ত