Local, Vocal, Global

Fire break out: জোনাই সদৰৰ দৈনিক বজাৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক,২৮ছেপ্টেম্বৰ : জোনাইত বিধ্বংসী অগ্নিকাণ্ড। জোনাই সদৰৰ দৈনিক বজাৰৰ মাজমজিয়াত অগ্নিকাণ্ড। বৃহস্পতিবাৰে নিশা প্ৰায় ২.৩০ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো(Fire break out) ।

জোনাই সদৰৰ মাজমজিয়াস্থিত জোনাই বজাৰত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এটা গুদাম ঘৰ নিমিষতে ভস্মীভূত হয় লগতে পাঁচখন গেলামালৰ দোকান আৰু এখন ইলেকট্ৰনিক সমাগ্ৰীৰ দোকান জুইত জাহ যায় ৷ জানিব পৰা এই অগ্নিকাণ্ডৰ ফলত অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ৭খন ব্যৱসায়িক প্ৰতিষ্ঠান ।এই অগ্নিকাণ্ডৰ ফলত কোটি টকাৰ সম্পত্তি ভস্মীভূত হোৱাৰ দাবী কৰে ব্যৱসায়ীসকলে(devastating fire at jonai)।

উল্লেখ্য যে এই ভয়ংকৰ অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত জোনাই অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় আৰু জুই নুমুৱাবলৈ চেষ্টা কৰে ৷ ইয়াৰ পিছতে অৰুণাচলৰ ৰুকচিন অগ্নিনিৰ্বাপক বাহিনী, পাচিঘাট, চিলাপথাৰ আৰু ধেমাজি অগ্নিনিৰ্বাপক বাহিনীৰ মুঠ ছয়খন অগ্নিনিৰ্বাপক বাহিনীয়ে একেলগে উপস্থিত হয় আৰু প্ৰায় দুঘন্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় ।

এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও প্ৰায় কোটি টকাৰো অধিক মূল্যবান সা-সামগ্ৰী জুইত জাহ যায় বুলি জানিব পৰা গৈছে ।

অৱশ্যে বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হ’ল সেই বিষয়ে জানিব পৰা হোৱা নাই ৷ যদিও এখন ইলেকট্ৰনিক দোকানৰ পৰা শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :Jaishankar on Canada Claims Over Nijjar Killing :হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰত চৰকাৰৰ “এজেণ্ট” জড়িত থকাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ