Local, Vocal, Global

Devastating fire at Digboi:বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৬ টাকৈ বাসগৃহ

নিউজ ডেস্ক,২৯ডিচেম্বৰ : ডিগবৈৰ ১ নং গোলাইত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত ৬ টাকৈ বাসগৃহ ৷ অগ্নিকাণ্ডত ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয় ।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় । অৱশ্য়ে অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই(Devastating fire at Digboi)।

এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সময়তে সন্ধিয়া তিনিচুকীয়া জিলাৰ ডিগবৈৰ ৰাজপথত হঠাৎ জুবিন গাৰ্গক দেখা পাই জনতাই ভিৰ কৰে ৷ অগ্নিনিৰ্বাপন কৰাৰ সময়তে কাষৰীয়া ৰাজপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । তেনে সময়তে সেই পথেদি মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা মহাৰজত জয়ন্তী সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ অহাত আবদ্ধ হৈ পৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ বাহন । বাহন আৱদ্ধ হৈ পৰাত জুবিন গাৰ্গৰ লগতে দলটোৱে বাহনৰ পৰা নামি ৰাজপথত যানবাহন আৰক্ষীৰ দৰে দায়িত্ব পালন কৰে ।

লগতে পঢ়ক :Guwahati Stabbing: পুনৰ চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা মৌচুমী গগৈৰ হত্যাকাৰী ভূপেন দাসৰ