Local, Vocal, Global

Fire Break Out : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত জাহ গ’ল চাৰিটাকৈ গৃহ

লক্ষীপুৰ, ২৫অক্টোবৰ : ৰাজ্যজুৰি পালন কৰা হৈছে দুৰ্গা পূজা । চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাস । মা দেৱীক বিসৰ্জনত ব্যস্ত ৰাইজ । তাৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ।

এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত জাহ গৈছে চাৰিটাকৈ গৃহ । ক্ষতি বহু লাখ লাখ টকাৰ সামগ্ৰীৰ(Fire Break Out) ।

ধুবুৰীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ তাৰাংগাঝাৰত মঙলবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । একেনিশাই চাৰিটাকৈ গৃহত ভয়ংকৰ জুই লাগে আৰু সম্পূৰ্ণৰূপে ভস্মিভূত হয় গৃহকেইটা ।

জানিব পৰা মতে, আবেদ আলী,জয়নাল আবেদিন,ছাদেক আলী আৰু ছামছুল হকৰ বাসগৃহত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডটো(Devastating Fire at Dhubri) ।

এই অগ্নিকাণ্ডৰ ফলত চাৰিটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মিভুত হোৱাৰ উপৰিও ৪ লাখ ৫০ হাজাৰ নগদ ধন জুইত ভস্মিভূত হয় । ইয়াৰ উপৰিও ঘৰত মজুত থকা বহু সা- সামগ্ৰীকে ধৰি প্ৰয়োজনীয় নথি পত্ৰ জুইত জাহ যায় । প্ৰায় ৩৫ লাখ টকাৰ সামগ্ৰী ভস্মিভূত হয় অগ্নিকাণ্ডত ।

নিজৰ বাসস্থান হেৰুৱাই এতিয়াই অসহায় হৈ পৰিছে লোকসকল । কান্দোনত ভাঙি পৰিছে নিজৰ সৰ্বস্ৰ হেৰুৱাই । অসহায় পৰিয়াল কেইটাক চৰকাৰলৈ সহায়ৰ বাবে আহ্বান স্থানীয় লোকৰ ।

লগতে পঢ়ক :Fire break out : কলিয়াবৰত বিধ্বংসী অগ্নিকাণ্ড