Local, Vocal, Global

Fire Break Out : বিহপুৰীয়াত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৬অক্টোবৰ : এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত জাহ গ’ল ৪ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । ক্ষতি বহু লাখ টকাৰ সামগ্ৰীৰ(Fire Break Out) ।

লখিমপুৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ।লখিমপুৰ জিলাৰ বিহপুৰীয়াত বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ।

উল্লেখ্য যে, বিজয়া দশমীৰ দিনা বিহপুৰীয়াত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ পিছতে বুধবাৰে নিশা পুনৰ সংঘটিত হয় আন এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Devastating Fire at Bihpuria)।

বিহপুৰীয়া নগৰৰ ১ নং ৱাৰ্ডত অগ্নিকাণ্ডৰ ফলত ৪ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই লাগে ।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে ৷

জানিব পৰা মতে, এই অগ্নিকাণ্ডৰ ফলত বিহপুৰীয়াৰ 1 নং ৱাৰ্ডৰ দীপক ৰহমান আৰু শ্বাহিদ ৰহমানৰ গদ্ৰেজ ফেক্টৰী দুটা, এখন ফাৰ্নিচাৰৰ দোকানৰ লগতে ভাড়াত দিয়া গেলামালৰ দোকানকেইখন প্ৰায় সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায় ৷ লগতে বহু টকাৰ সা-সম্পত্তি বিনষ্ট হয় ৷

ইফালে বহু সময়ৰ অন্তত স্থানীয় ৰাইজৰ লগত মিলি অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক :Fire Break Out : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত জাহ গ’ল চাৰিটাকৈ গৃহ