Local, Vocal, Global

Detainee’s Death in Police Custody Sparks Public Outcry : লখিমপুৰৰ খেলমাটি থানাত অঘটন;থানাৰ ভিতৰতে মৃত্যু আচামীৰ

লখিমপুৰ,২৩মে’ : লখিমপুৰৰ খেলমাটি থানাত অঘটন। থানাৰ ভিতৰতে মৃত্যু আচামীৰ ৷ নিহত আচামীটোৰ নাম-আৰ্চভ আলি(৪২)।

প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ পশ্চিম চান্দমাৰীৰ বাসিন্দা আৰ্চভ আলী নামৰ এগৰাকী ৪২ বছৰীয়া ব্যক্তিৰ বুধবাৰে নিশা খেলমাটি থানাত মৃত্যু ঘটে ৷ এটা চুৰি ম’বাইলৰ গেঙৰ সৈতে জড়িত হোৱাৰ অপৰাধত আটক কৰিছিল আৰ্চভ আলীক ৷ পিছে আলীয়ে থানাৰ ভিতৰত শাৰিৰীক অসুস্থতা অনুভৱ কৰি চকীত বহি থকা অৱস্থাতে মাটিত বাগৰি পৰে ৷ ইয়াৰ লগে লগে ততাতৈয়াকৈ আৰক্ষীয়ে ব্যক্তিগৰাকীক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে(Detainee’s Death in Police Custody Sparks Public Outcry in Lakhimpur) ৷

এই খবৰ অঞ্চলৰ জুৰি বিয়পি পৰাৰ লগে লগে বৃহস্পতিবাৰে পুৱা শতাধিক ৰাইজে থানা ঘেৰাও কৰি আৰক্ষীলৈ শিল নিক্ষেপ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়েও লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয় ৷

অৱশ্যে এই ঘটনাৰ ক্ষীপ্ত তদন্তৰ নিৰ্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৷ আৰক্ষীৰ সঞ্চালকপ্ৰধান গৰাকীয়ে সামাজিক মাধ্যম এক্সযোগে এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উচিত তদন্তৰ নিৰ্দেশ দিয়ে ৷ ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে দুজনকৈ আৰক্ষীৰ লগতে গৃহ বিভাগৰ এজন লোকক ৷ নিলম্বিত হোৱা আৰক্ষী দুগৰাকী হৈছে ক্ৰমে খেলমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাই, কনিষ্টবল ভৈৰৱ দেউৰী আৰু গৃহৰক্ষী বিভাগৰ জোৱান অনিল বৰা(Death of detainee in Lakhimpur’s Khelmati police station sparks public outrage) ৷

লগতে পঢ়ক : Missing Bangladesh MP found dead : অৱশেষত উদ্ধাৰ হ’ল বাংলাদেশৰ প্ৰবীণ সাংসদ আনোৱাৰুল আজিম অনাৰৰ মৃতদেহ