Local, Vocal, Global

Details Of Weather In The Capital Delhi : ৪৮ ঘণ্টাৰ বাবে Yellow Alert জাৰি দেশৰ ৰাজধানীত

নিউজ ডেস্ক, ১০ জুলাই : দেশৰ ৰাজধানী দিল্লীত নেৰানেপেৰা বৰষুণ। ৪৮ ঘণ্টাৰ বাবে জাৰি কৰিছে Yellow Alert । দিল্লী এন চি আৰত প্ৰবল বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান বিভাগে অহা দুদিনৰ বাবে Yellow Alert জাৰি কৰিছে। (Yellow Alert issued for 48 hours in national capital) দুদিনৰ পাছত কিছু অঞ্চলত বৰষুণৰ গতি কমাৰ সম্ভাৱনা আছে । অৱশ্যে ৫ দিনলৈ মাজে মাজে বৰষুণ দি থাকিব দেশৰ ৰাজধানী দিল্লীত ।

বাৰিষাৰ আৰম্ভণিৰ পৰাই দেশৰ ৰাজধানী দিল্লীত বৰষুণ আৰম্ভ হৈছে। দিল্লী এন চি আৰত আগন্তুক দুদিনৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বুধবাৰে পুৱাৰে পৰা দিল্লী-এনচিআৰ এলেকাত বৰষুণ হৈ আছে। ধাৰাবাহিক বৰষুণৰ বাবে দিল্লী এনচিআৰৰ উষ্ণতাও কিছু হ্ৰাস পাইছে । শীতল বতাহ, প্ৰদূষণ হ্ৰাস আৰু উষ্ণতা হ্ৰাসৰ বাবে দিল্লীৰ জনতাই যথেষ্ট সকাহ পাইছে।
বুধবাৰে বৰষুণৰ পিছত দিল্লী পৌৰ নিগমে হকীকত নগৰ, জিটিবি নগৰ, হৰস্বৰূপ কলনী, মল ৰোড, ফতেহপুৰ বেৰী, হনুমান মন্দিৰ, বীৰেন্দ্ৰ নগৰ ব্লক, ৰাজ নগৰ এক্সটেনচনকে ধৰি বহু ঠাইত পানী জমা আৰু গছ ভাঙাৰ অভিযোগ লাভ কৰিছে ।

বতৰ বিজ্ঞান বিভাগে আগন্তুক ২ দিনলৈ গাজিয়াবাদ, ফৰিদাবাদ, লগতে দিল্লীতো জাৰি কৰিছে yellow Allart । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক ৫ দিনলৈ বজ্ৰপাত, প্ৰচণ্ড বতাহ আৰু লঘু বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে অহা সপ্তাহৰ পৰা বৰষুণ হ্ৰাস পাব পাৰে ।

আগন্তুক পাঁচ দিনলৈ দিল্লী এন চি আৰৰ বহু চহৰত উষ্ণতাৰ পৰিৱৰ্তন দেখা যাব, য’ত বুধবাৰে সৰ্বনিম্ন তাপমাত্ৰা ২৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ ৩৪ ডিগ্ৰী চেলছিয়াছ ।

লগতে পঢ়কঃ Floods In Assam : ৰাজ্যত বৰ্তমানো অব্যাহত আছে বানৰ তাণ্ডৱ