Local, Vocal, Global

Dergaon rape case : পুনৰ এক জঘন্য ধৰ্ষণ কাণ্ডই কপাঁইছে ৰাজ্য

দেৰগাঁও, ১৫জুলাই : ৰাজ্যত পুনত ধৰ্ষণকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য ঘটনাৰ। এইবাৰ দেৰগাঁৱত সংঘটিত হৈছে আন এক জঘন্য ঘটনাৰ ।

বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড (girl raped and in Dergaon) । আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে। কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা ।

গাৰ নোম শিয়ৰি উঠা এক ঘটনা। দেৰগাঁৱৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি অন্তঃসত্তা কৰাৰ অভিযোগ এজন ৫০বছৰীয়া ব্য়ক্তিৰ ওপৰত । এই ঘটনাই সমগ্ৰ দেৰগাঁৱত চাঞ্চল্যকৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে, কিশোৰীগৰাকীৰ মাতৃ আৰু পিতৃ নাই । মাতৃ আৰু পিতৃহীন কিশোৰীগৰাকীয়ে দেৰগাঁৱত বৃদ্ধ আইতাকৰ সৈতে এটা ভাড়াঘৰত থাকে ।উল্লেখ্য় যে কিশোৰীগৰাকীয়ে প্ৰতিদিনে পুৱাই মন্দিৰত পূজা-অৰ্চনাৰ বাবে ফুল বুটলিবলৈ যায় আৰু সুযোগতে নৰপিশাচ জনে কিশোৰীগৰাকীক ধৰ্ষণ কৰে বুলি অভিযোগ কৰে।
প্ৰাপ্ত তথ্য় অনুসৰি ,কিশোৰীগৰাকী ৬মাহৰ অন্তঃসত্তা । দীৰ্ঘদিনৰ পৰা কিশোৰী গৰাকীক স্থানীয় লোকৰ লগতে বৃদ্ধ আইতাকে স্বাভাৱিক দেহৰ পৰিবৰ্তন লক্ষ্য কৰি আহিছিল যদিও ইয়াক অন্তঃসত্তাৰ কথা নাভাৱি অন্য কাৰণত হে দেহৰ পৰিৱৰ্তন হোৱা বুলি ভাৱিছিল । কিন্তু দিনক দিনে মহিলাগৰাকীৰ দেহৰ পৰিৱৰ্তন হোৱাত কিশোৰীগৰাকীক এই সম্পৰ্কে সোধা পোছা কৰে আৰু সোধা পোছাৰ অন্তত পোহৰলৈ আহে এক জঘণ্য ঘটনা ।

ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি, মন্দিৰৰ পূজা-অৰ্চনাৰ বাবে ফুল আনিবলৈ যাওঁতে ইয়াৰ সুযোগ লৈ নৰপিশাচ ৫০ বছৰীয়া ঊৰ্ধৰ ব্যক্তিজনে কিশোৰীগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰে । জানিব পৰা ধৃত নৰপিশাচজনৰ নাম পৰেশ ঘোষ । ইতিমধ্যে স্থানীয় লোকৰ তৎপৰতাত নৰপিশাচ পৰেশ ঘোচক আৰক্ষীয়ে আটক কৰে ঘটনাৰ সম্পৰ্কে তদন্ত আৰম্ভ কৰে (Police arrest Dergaon rape Accused)। অভিযুক্ত পৰেশ ঘোষৰ ওপৰত পূৰ্বৰে পৰা আছে বহু কেইটা অভিযোগ ।