Local, Vocal, Global

WATCH| Dergaon News:যোদ্ধা হাফ মাৰাথানৰ উদ্যোগত দেৰগাঁৱত আজি প্ৰদৰ্শনীমূলক মাৰাথান

দেৰগাঁও,১৯ফেব্ৰুৱাৰী : যোদ্ধা হাফ মাৰাথানৰ উদ্যোগত দেৰগাঁৱত আজি প্ৰদৰ্শনীমূলক মাৰাথান ৷ ১৬ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’ব সৰ্বভাৰতীয় পৰ্যায়ৰ মাৰাথান।

মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ পৰা আৰম্ভ হ’ব মাৰাথান খন। ড্ৰাগছ আৰু গুটখা সেৱনৰ বিৰুদ্ধে অনুষ্ঠিত কৰা হৈছে মাৰাথান। পুৰুষ মহিলা উভয়ে ৪ টা শাখাত অনুষ্ঠিত হ’ব এই মাৰাথান। ২১ কি:মি, ১০কি:মি, ৫ কি:মি আৰু ২ কি:মি এই চাৰিটা শাখাত অনুষ্ঠিত হ’ব খেলখন( Dergaon News)।

পঞ্জীয়নৰ অন্তিম তাৰিখ ৮ মাৰ্চ ২০২৫ , ২০ ফেব্ৰুৱাৰী পৰ্যন্ত পঞ্জীয়ন কৰা সকলে ৩০% ৰেহাই লাভ কৰিব আৰু ২৮ ফেব্ৰুৱাৰী পৰ্যন্ত পঞ্জীয়ন কৰা সকলে লাভ কৰিব ১৫ % ৰেহাই ।পঞ্জীয়নৰ বাবে যোগাযোগ নম্বৰ 9954010365৷

লগতে পঢ়ক :WATCH|North Guwahati: ন ৰূপত উজলি উঠিব উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰূদ্ৰেশ্বৰ দেৱালয়