Local, Vocal, Global

Dergaon News:সাত বছৰীয়া এটি মৰমলগা কণমানিৰ জীৱন গাঁথা

দেৰগাঁও,২০জানুৱাৰী : সাত বছৰীয়া এটি মৰমলগা কণমানিৰ জীৱন গাঁথা।মৰমলগা কণমানিতিক প্ৰয়োজন আপোনাৰ অকণমান সহায়। উন্নত চিকিৎসাৰ বাবে ৰাইজৰ সহায় বিচাৰিলে পৰিয়ালে(Dergaon News)।

দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকন্দগুৰি, চিকৌপামৰ এহাল দম্পতিয়ে এতিয়া টুকিছে চকুলো ।কাৰণ কণমানিটিৰ চিকিৎসাৰ বাবে নাই অৰ্থ । মৰম লগা ৭ বছৰীয়া কণমানি ৰাজ বৰাৰ প্ৰয়োজন এতিয়া উন্নত চিকিৎসাৰ । কিন্তু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া অসহায় দম্পতিয়ে আৰ্থিক দুৰ্বলতাৰ বাবে কৰিব পৰা নাই উপযুক্ত চিকিৎসা ।

পিতৃ ৰাতুল বৰা আৰু মাতৃ মিনাক্ষী বৰাৰ চৰকাৰ ৰাইজলৈ আহ্বান অকণমান সহায়ৰ বাবে । আপোনাৰ অকণমান সহায়েৰে কণমানি ৰাজ বৰাৰ জীৱনত বিৰিঙাব পাৰে হাঁহিৰ ।

যদি সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেন্তে -6003374866 নম্বৰ অথবা আৰ্থিক ভাৱে সহায় কৰিবলৈ বেংক একাউণ্ট নং- 35829148335 ifsc-SBIN0002048 যোগাযোগ কৰিব পাৰে ।

লগতে পঢ়ক :Nagon News:ৰাজপথৰত দাউ-দাউকৈ জ্বলিল বিকল এস্কেভেটৰ