Local, Vocal, Global

Dergaon News:দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ

দেৰগাঁও,৭জানুৱাৰী : দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। হৰি নামে মুখৰিত কৰিছে আকাশ বতাহ। ভক্তিৰসত বিলিন হৈ জাতি,বৰ্ণ নিবিশেষে কৰিছে শ্ৰমদান(Dergaon News)।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৌৰৱোজ্জ্বল ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনখন যোৰহাটস্থিত ম’হবন্ধা এৰাতলী পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ৬,৭,৮ আৰু ৯ ফেব্ৰুৱাৰীৰ ২০২৫ ৰ পৰা অনুষ্ঠিত হ’ব।

এৰালতলি পথাৰৰ এক বৃহৎত এলেকাত উদ্যোক্তাসকলে দিনে নিশাই যুদ্ধংদেহী প্ৰস্তুতিৰে বিশাল আয়োজন কৰি আছে। ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে অৱস্থিত এৰালতলি পথাৰত ইতিমধ্যে সভাৰ মূল অনুষ্ঠানৰ বাবে সভাগৃহ, প্ৰৰ্দশনী গৃহ, ৰান্ধনী ঘৰ, খোৱা গৃহ, গ্ৰন্থ মেলা , দূৰণিবতীয়া ভক্তপ্ৰাণ ৰাইজৰ বাবে প্ৰায় দুশ শিবিৰ , বিভিন্ন বিপনীকে ধৰি দোকান আদি কৰি বিভিন্ন মঞ্চ ক্ষিপ্ৰতাৰে সজাই তোলাৰ কাম চলি থকা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক :Abhayapuri News : হেপাঁহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী