Watch | Dergaon news: দেৰগাঁৱৰ ১৮৯৮চনতে স্থাপিত দেৰগাঁও টাউন চৰাই নামঘৰত চুৰি কাণ্ড
দেৰগাঁও: দেৰগাঁৱৰ ১৮৯৮চনতে স্থাপিত দেৰগাঁও টাউন চৰাই নামঘৰত চুৰি কাণ্ড। মঙ্গল বাৰে নিশা নামঘৰৰ মূল গেটৰ গ্ৰীল ভাঙি মনিকূটৰ টলা ভাঙি দানপাত্ৰত থকা নগদ ধন লৈ উধাও হয় লগতে নামঘৰত থকা পৌৰাণিক পুথি সমূহৰ মাজত ভক্ত সকলে দিয়া অৰিহণাও নিয়াৰ সন্দেহ কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে।দেৰগাঁৱত নিৰবিচিন্ন ভাৱে বিভিন্ন অঞ্চলত সংঘটিত হৈ আছে চুৰিকাণ্ড।দেৰগাঁৱত সংঘনাই সংঘটিত হৈ থকা চুৰিৰ ঘটনাই দেৰগাঁৱৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।