WATCH | Dergaon News : দেৰগাঁৱৰ চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ নেতৃত্বত বিনামূলীয়া চকু পৰীক্ষা

দেৰগাঁও,১জুলাই : দেৰগাঁৱৰ গেন্ধালী সূৰুযমুখী সংঘৰ সৌজন্যত চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ নেতৃত্বত বিনামূলীয়া চকু পৰীক্ষা। গেন্ধালী প্ৰাথমিক বিদ্যালয়ত হৈছে এই বিনামূলীয়া চকু পৰীক্ষা।
চকু পৰীক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাৱে কেইবাখনো গাঁৱৰ ৰাইজ উপকৃত হৈছে। নাম গৰুমৰা,গেন্ধালী,বালিচাপৰি,গৰিয়া চাপৰি,মৌ মাৰি, ইত্যাদি কেইবাখনো গাঁৱৰ ৰাইজ আহিছে।
পুৱা ১০ বজাৰপৰা অনুষ্ঠিত হৈছে এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। যোৰহাট চকু চিকিৎসালয়ৰ প্ৰকল্প সঞ্চালক প্ৰানজ্জ্বল বৰা,তথ্য বিভাগৰ বিপুল বৰা,টেকনিচিয়ান বিকাশ বৰা উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে(Dergaon News)।
উল্লেখযোগ্য যে, গেন্ধালী সূৰুযমূখী সংঘৰ সভাপতি ৰাকেশ দাস,সম্পাদক বিশ্বজিৎ দাসৰ প্ৰচেষ্টাত চকু চিকিৎসালয়ৰ সেৱা আগবঢ়াই।ৰাইজৰ যথেষ্ট সহাৰি আৰু যথেষ্ট উপকৃত হৈছে।
লগতে পঢ়ক : WATCH | Goalpara News : গোৱালপাৰা জিলাৰ ধনুভাঙা উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড