Local, Vocal, Global

WATCH | Dergaon News : বলেৰ পিকাআপ ভেনক পাছফালৰ পৰা খুন্দা ট্ৰাকৰ

দেৰগাঁও,২৪জুন : বিয়লি দেৰগাঁও নেঘেৰিটিংত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

যোৰহাট দিশৰ পৰা অহা এখন বলেৰ পিকাআপ ভেনক পাছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন ট্ৰাকে।

ফলত বলেৰ খন পথৰ কাষৰ বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখন(Dergaon News)।

দুৰ্ঘটনা অতি ভয়ংকৰ আছিল যদিও শুভাগ্যক্ৰমে বলেৰত থকা তিনিজন আৰোহী কিছু পৰিমানে আঘাত প্ৰাপ্ত হয়।

ঘটনাস্থলীত দেৰগাঁও যান বাহন আৰক্ষী উপস্থিত হয় আৰু আঘাত প্ৰাপ্ত সকলক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনা গ্ৰস্ত হোৱা বলেৰ খনৰ নম্বৰ AS-03AC/2445।

লগতে পঢ়ক :WATCH | Teok News : টীয়ক পৌৰসভাৰ লাখটকীয়া ভেণ্ডিং জ’ন এতিয়া পানীৰ তলত !