Local, Vocal, Global

WATCH | Dergaon News : দেৰগাঁৱৰ কাঞ্চা চাপৰি ৰাজহুৱা ৰংগ মঞ্চত বন্যপ্ৰাণী সুৰক্ষা সজাগতা সভা

দেৰগাঁও,২২জুন : দেৰগাঁৱৰ ভিতৰোৱা কাঞ্চা চাপৰি ৰাজহুৱা ৰংগ মঞ্চত গোলাঘাট আঞ্চলিক বন সংমণ্ডলৰ অধিনত আৰু দেৰগাঁও খণ্ড বন বিষয়াৰ কায্যালয়ৰ উদ্যোগত এখনি বন্য প্ৰানী সুৰক্ষা হেতু এখনি সজাগতা সভা অনুষ্ঠিত হয়।

যোৱা ২২ মে’ তাৰিখে বোকাখাট সমষ্টিৰ দুখুঁটিমুখত এটা ঢ়েঁকীয়াপতিয়া বাঘক হানি খুচি হত্যা কৰাক লৈ বৃহৎৰ অঞ্চলটি এক চেপা উত্তেজনা বিৰাজ কৰি আহিছিল। অন্যহাতে ঢ়েঁকীয়াপতিয়া হত্যাৰ অপৰাধত বৰ্তমানে ৫ জন লোকক জেল হাজতলৈ প্ৰেৰণ কৰিছিল যদিও সেই সকল লোক ঢ়েঁকীয়াপতিয়া বাঘৰ হত্যাৰ লগত কোনো কাৰনতে জৰিত নথকাৰ দাবী তুলি আহিছে মিছিং ছাত্ৰ সন্থাই(Dergaon News)।

কৃষিৰ ওপৰত এক মাত্ৰ নিৰ্ভৰ কৰা এই সকল সাধাৰণ লোকক বন্যপ্ৰাণী সুৰক্ষা আৰু বন্যপ্ৰাণী আইন সৰ্ম্পকত বৃহৎৰ অঞ্চলবাসী ৰাইজক সজাগ কৰাৰ হেতু সজাগতা সভা অনুষ্ঠিত কৰে। সভাত গোলাঘাট আঞ্চলিক বন বিভাগৰ লগতে দেৰগাঁও খণ্ড বন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু অঞ্চলটিৰ প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Dead body found : লামডিঙত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মৃতদেহ