Local, Vocal, Global

WATCH | Dergaon News : জটিল ৰোগত আক্ৰান্ত দেৰগাঁৱৰ পপি বৰা

দেৰগাঁও,১৭জুন : দেৰগাঁও ভকতীয়া গাঁৱৰ নিবাসী শ্ৰী ৰবিন বৰাৰ ২১ বছৰীয়া জেষ্ঠ কন্যা শ্ৰী পপি বৰা লুপাছ নামৰ এক জটিল ৰোগত আক্ৰান্ত। বিগত ৪ বছৰে ৰোগীয়া দেহাটো লৈ দিন কটাইছে পপি বৰাই(Dergaon News)।

দিন হাজিৰা কৰা পিতৃ কন্যা গৰাকীক চিকিৎসা কৰি কৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে । চলিত মাহত কন্যা গৰাকীক তৎকলীন এটা অষ্ট্ৰোপ্ৰচাৰ কৰিব লাগে। এই অষ্ট্ৰোপ্ৰচাৰ বাবে এক বৃহৎ পৰিমাণৰ ধনৰাশিৰ প্ৰয়োজন‌ আৰু ইয়াক বহন কৰিবলৈ পৰিয়ালটো সক্ষম নহয়।

দৰিদ্ৰ পৰিয়ালটোৱে মুখ্যমন্ত্ৰী আৰু সদাশয় ব্যক্তি সকলৰ পৰা সহায় বিচাৰিছে। ছোৱালী জনীৰ বেংক একাউণ্ট নম্বৰ : Account no – 0025010159867
IfSC : PUN80064120 সহায় কৰিবলৈ আহ্বান পৰিয়ালৰ।

লগতে পঢ়ক :WATCH | Jorhat News : যোৰহাটৰ টীয়কত টাটা ছাফাৰীত জব্দ হোৱা অবৈধ সুৰা নিলাভ ৰঞ্জন বৰুৱাৰ নেকি ?