Local, Vocal, Global

WATCH | Dergaon News : প্ৰকৃতিৰ লগত অধিক সময় উৎসৰ্গা কৰা এজন ব্যক্তি

দেৰগাঁও,১৪জুন : প্ৰকৃতিৰ লগত অধিক সময় উৎসৰ্গা কৰা এজন ব্যক্তি। দেৰগাঁৱৰ দাঁতিকাষৰীয়া উত্তৰ পশ্চিম যোৰহাটৰ গৰুমৰা মাজুলী গাঁৱৰ প্ৰকৃতি প্ৰেমী দে’হ বৰা।নিজ প্ৰচেষ্টাত গঢ়ি তুলি এখন উদ্যান ।

সৰুৰে পৰাই বৃক্ষ ৰোপণত অদম্য হেপাঁহ ব্যক্তিজনৰ। ২০ বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ গছ,নানান ধৰনৰ ফল মূল,ফুল ইত্যাদি ৰোপন কৰি আহিছে ব্যক্তিজনে। নিজৰ প্ৰচেষ্টাৰে তেখেতে এই অৰণ্যখন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। জীৱ জন্ত,চৰাই চিৰিকটিৰ বাবে পৃথকে পৃথকে প্ৰস্তুত কৰি ৰাখিছে এই অৰন্যখন(Dergaon News)।

প্ৰতি বছৰে বানে গৰকা এই অঞ্চলত বিভিন্ন জীৱ জন্তুৰ বিচৰন ভূমি হৈ পৰে দে’হ বৰাৰ এই উদ্যানখন।এই উদ্যানখলে আহিছে বহুতো বন্য জীৱ জন্তু,সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি তুলিছে এই বন্য উদ্যান খন।এই উদ্যানখনলে সোঁত বৈছে এতিয়া বহুতো দেখীয় পৰ্যটক।

লগতে পঢ়ক : WATCH | Drugs Seized : জামুগুৰিহাটত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী