Dergaon News: দেৰগাঁৱৰ এগৰাকী শিল্পী হাতত প্ৰাণ পাইছিল আইমনি ,মইনাজান
দেৰগাঁও,১জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিৰ লগে লগে পিৰালি চুক পালেহি অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহু। বিহু বুলি কলে মনত পৰে অতিতৰ সেই দিনবোৰ। বিহু আগে আগে মুক্তি পাইছিল আইমনি , মইনাজান , জানমনি আদিৰ দৰে বিহুৰ কেচেত। আইমনি ,মইনাজান আদি নহ’লে বিহু হৈ পৰিছিল যেন আধৰুৱা। অসমীয়া গ্ৰাম্য জীৱনৰ ওপৰত সৃষ্টি হোৱা আইমনি আৰু মইনাজানে ৰাইজৰ মাজত বিশেষ মৰম বুটলিবলৈ সক্ষম হৈছিল।
সেই সময়ত যুৱক-যুৱতী সকলে বিহুৰ কেচেত কিনিবলৈ সাচি ৰাখিছিল পইচা(Dergaon News) ।
এক জীয়া নষ্টালজিয়া,সাঁথৰ সাঁথৰ লগা কথা। অতিতৰ বুকুত আজি যে সেইবোৰ অতিত। এই সমূহ সৃষ্টিৰাজীয়ে অসমীয়া চলচিত্ৰ জগতখন চহকী কৰিছে দেৰগাঁৱৰ এজন শিল্পী নুৰুল চুলতানে। তেওঁ আইমনি , মইনাজান ,মৰম , আদিৰ জন্মদাতা। আইমনি আৰু মইনাজানৰ কেইবাটিও নিৱেদন প্ৰকাশ পাইছে। নুৰুল চুলতানে দিছ আৰু কেচেত সমূহ সংৰক্ষণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে ।
জেতুকা পাতৰ দৰে চলচ্চিত্ৰ খনৰ বাবে নুৰুল চুলতানে লাভ কৰিছিল ৰজত কমল বঁটা। বিশেষকৈ এই চলচ্চিত্ৰ খনে অসমীয়া ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰিলে। কৰুণাকালীন সময়ত মুক্তিপ্ৰাপ্ত নুৰুল চুলতানৰ বেলকনিত ভগৱান ছবি খনে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে।
লগতে পঢ়ক :Freight boat accident:ধুবুৰীত মালবাহী নাও দুৰ্ঘটনা; আহত তিনিজন