Local, Vocal, Global

WATCH | Dergaon News : বেচৰকাৰী শিক্ষানুষ্ঠান শিশু ভাৰতী‌‌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

দেৰগাঁও,৩১মে’ : দেৰগাঁও আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান শিশু ভাৰতী‌‌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে গৌৰৱ উজ্বল ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ দিশে। ৪৭ বৰ্ষৰে পৰিপূৰ্ণ বিদ্যালয় খনিত শুকুৰবাৰে অনুষ্ঠিত হয় ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।

বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱস। পুৱা পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰ পাছতেই বিদ্যালয়ৰ লগত আৰম্ভণিৰে পৰা জড়িত প্ৰয়াত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে বিদ্যালয়ৰ বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী বৃন্দৰ দ্বাৰা সমৱেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা নৃত্য গীতৰ সমাহাৰে অনুষ্ঠানটো জীপাল কৰি তোলে(Dergaon News)।

বিদ্যালয়ৰ শিক্ষক প্ৰাচুৰ্য দাসে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি সকলৰ উপস্থিতিত ছাত্ৰ ছাত্ৰীৰ সকলৰ বিভিন্ন প্ৰতিভাই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সফলতাৰে সামৰণি পৰে অনাগত দিনত বৃহৎ কলেবৰৰ অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়ায় নিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে‌ অধ্যক্ষ ড• প্ৰাঞ্জল শৰ্মাই ।

লগতে পঢ়ক : WATCH | Rangia News : বিদ্যুতৰ বিসংগতিক লৈ এতিয়া অতিষ্ঠ ৰঙিয়াবাসী