Local, Vocal, Global

WATCH | Dergaon News : কৃত্ৰিম বানৰ কবলত দেৰগাঁৱৰ এখন চৰকাৰী বিদ্যালয়

দেৰগাঁও,৩১মে’ : দেৰগাঁও চহৰৰ মাজমজিয়াৰ এখন চৰকাৰী বিদ্যালয়। গোলাঘাট উত্তৰ শিক্ষা খণ্ডৰ অধীনত ১৯২৮ চনতে প্ৰতিষ্ঠা হোৱা দেৰগাঁও নাৰিকলগুৰি স্থিত দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয়।

বিগত তিনি দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যতে কৃত্ৰিম বানৰ সমস্যাত ভুগিব লগা হৈছে সাধাৰণ ৰাইজৰ লগতে শিক্ষাৰ্থী সকল। দেৰগাঁও নাৰিকলগুৰিটো সমান্তৰালভাৱে বানপানী। সমান্তৰালকৈ দেৰগাঁৱৰ বহু সংখ্যক বিদ্যালয়ত কৃত্ৰিম বানৰ পৰিস্থিতিৰ ফলত পাঠদান স্থগিত ৰখা পৰিলক্ষিত হয়(Dergaon News)।

উদাহৰণ স্বৰূপে, দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয়টো শনিবাৰে বিদ্যালয় চৌহদ কৃত্ৰিম বানে ভৰি পৰা পৰিলক্ষিত হয় যাৰ ফলত ছাত্ৰী সকলক পাঠদানৰ পৰা ঘূৰাই পঠিওৱা হয়।

শ্ৰেণীকোঠাত পানী সোমোৱাৰ ফলত শিক্ষাৰ্থী সকলক ঘৰলৈ উভতাই পঠাবলৈ বাধ্য হয় আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে নিজৰ জিৰণি কোঠাত বহি সময় কটোৱা পৰিলক্ষিত হয়।
বিদ্যালয়ৰ খনৰ প্ৰধান শিক্ষয়িত্ৰী মতে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীলৈ কেইবাবাৰো স্মাৰক পত্র প্ৰেৰণ কৰা হয় যদিও এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগল আৰু প্ৰত্যেক বছৰে বাৰিষাৰ সময় চোৱাত বিদ্যালয় খনৰ ছাত্ৰী সকল পাঠদানৰ পৰা বাধ্য ক্ৰমে বিৰত থাকিব লাগে।

লগতে পঢ়ক: WATCH | Drugs peddler arrested along with drugs : হাটশিঙিমাৰীত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজনক