WATCH | Dergaon News : দেৰগাঁৱৰ ৰাঙলীটিংত ৰাইজ ৰোষত পৰি অবৈধ চুলাই ব্যৱসায়ী

দেৰগাঁও,২৫মে’ : দেৰগাঁৱৰ ৰাঙলীটিংত ৰাইজ ৰোষত পৰি অবৈধ চুলাই ব্যৱসায়ী। চুলাই মদ বিক্ৰীৰ বাবে আনি থাকোঁতেই একাংশ মহিলাই হাতে লোটে কৰায়ক্ত কৰে ।
অসম চাহ জনজাতি ছাত্ৰ সন্থা,সদৌ চাওতাল ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী সকলে ৰাঙলীটিং বাগান কাৰ্যালয়ৰ প্ৰাংগনত চুলাই মদৰ বেপাৰীৰ প্ৰৱেশ নিষেধৰ এখন সজাগতা সভা অনুষ্ঠিত কৰিছিল(Dergaon News)।
সজাগতা সভাখন চলি থকা সময়তে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ চুমনিয়া গাঁৱৰ মিচিং সম্প্ৰদায়ৰ গাঠি নামৰ ব্যক্তি জনে অবৈধ বৰবিহ চুলাই মদ বহু পৰিমাণৰ বিক্ৰীৰ বাবে আনি থাকোঁতেই ৰাঙলীটিঙৰ একাংশ মহিলাই হাতে লোটে ধৰি দেৰগাঁও আৰক্ষীক চমজাই দিয়ে।
লগতে পঢ়ক : WATCH | Tiranga Yatra : বাক্সাত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা