WATCH | Dergaon News : দেৰগাঁও ৰঙামাটিত উত্তপ্ত পৰিস্থিতি
দেৰগাঁও,২৪মে’ : দেৰগাঁও ৰঙামাটিত উত্তপ্ত পৰিস্থিতি। ৰঙামাটিত চুলাই মদৰ ব্যৱসায়ীৰ প্ৰৱেশ নিষেধ । হুংকাৰ অসম চাহ জনজাতি ছাত্র সন্থাৰ।
বিগত কিছু দিন ধৰি দেৰগাঁও ৰঙামাটি চাহ জনগোষ্ঠী বসতি অঞ্চলত চুলাই মদৰ বেহা ক্ৰমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
একাংশ মিছিং লোকে বিভিন্ন ৰসায়নিক দ্ৰব্যৰে তৈয়াৰ কৰা চুলাই মদ বিক্ৰী কৰি আহিছে ৰঙামাটি চাহ বাগান অঞ্চলত আৰু সেই চুলাই মদ সেৱন কৰি বিভিন্ন অজ্ঞাত ৰোগত ভুগিব লগীয়া হৈছে।
শেহতীয়াকৈ জানিব পৰা মতে, চুলাই মদ কেৱল লালি গুৰৰ পৰা তৈয়াৰ নহয়, বিভিন্ন ৰসায়নিক পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা হয় আৰু এই চুলাই মদ খাই বহু লোক মৃত্যুৰ মুখতো পৰিছে। চাহ জনজাতি ছাত্র সংস্থাই আজি এই চুলাই মদ বন্ধ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই প্ৰতিবাদত ২০০ গৰাকী বাগানৰ মহিলাই অংশগ্ৰহণ কৰে(Dergaon News)।
ঘটনা সন্দৰ্ভত আটছাই কয় যে, যদি বিভাগীয় কৰ্তৃপক্ষই এই চুলাই মদৰ ব্যৱসায় বন্ধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এই ব্যৱসায় লগত জড়িত মিছিং জনগোষ্ঠী লোকক ৰঙামাটি অঞ্চলত সম্পূৰ্ণ ভাবে প্ৰৱেশ নিষেধ কৰা হ’ব। লগতে লালি গুৰ ব্যৱসায় লগত জড়িত মূল মাফিয়া ৰঙামাটিৰ ৰাজকুমাৰ চাহুক অনতি পলমে কৰায়ক্ত কৰাৰো দাবী উত্থাপন কৰে।
লগতে পঢ়ক : WATCH | Massive fire breaks out: নগাঁও জেল ৰোডত ভয়ংকৰ অগ্নিকাণ্ড