WATCH | Dergaon News : দেৰগাঁও ৰঙামাটিত উত্তপ্ত পৰিস্থিতি
দেৰগাঁও,২৩মে’ : দেৰগাঁও ৰঙামাটিত উত্তপ্ত পৰিস্থিতি।
চুলাই মদৰ ব্যৱসায়ীৰ ডিঙিত মদৰ টোপোলা ওলোমাই দিলে ৰাইজে।
আটছা আৰু স্থানীয় লোকৰ তৎপৰতাত আৱদ্ধ কৰিলে চুলাই মদৰ ব্যৱসায়ীক(Dergaon News)।
ন-ভঙ্গা গাঁৱৰ পৰা পঞ্চাশ লিটাৰ চুলাই মদ ৰঙামাটিত বিক্ৰী কৰিবলৈ আহোতেই ৰাইজ আৰু আটছাই কৰায়ত্ত কৰে যুৱকজনক। দেৰগাঁৱত লালিগুৰ আৰু চুলাইৰ ৰমৰমীয়া ব্যৱসায় চলি আছে যদিও নিৰৱ বিভাগীয় কৰ্তীপক্ষ।
চাহ বাগানৰ সাধাৰণ লোকক বছৰ বছৰ ধৰি খুৱাই আহিছে বৰবিহ স্বৰূপ চুলাই মদ।
বাগানৰ সাধাৰণ লোকৰ পৰিয়াললৈ আনিছে ভয়ংকৰ ভাবুকি।
দেৰগাঁও আৰক্ষী আৰু আবকাৰী বিভাগৰ লোক উপস্থিত হৈ অভিযুক্তক আটক কৰিছে।
লগতে পঢ়ক : WATCH | Abhayapuri Theft: পুনৰ অভয়াপুৰীত একে নিশাই পাঁচখনকৈ ব্যৱসায় প্ৰতিষ্ঠানত চোৰে চলালে লুট-পাট