Dergaon News:মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সষ্টম জিলা প্ৰশাসন তথা আৰক্ষী
দেৰগাঁও,২৮ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সষ্টম জিলা প্ৰশাসন তথা আৰক্ষী।সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰত বাইক ৰাইডাৰ্ছ আৰু হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান(Dergaon News)।
বৰপথাৰত চক্ৰ বিষয়া মনোজ কুমাৰ দলে আৰু বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত শইকীয়াৰ নেতৃত্বত চলে এই অভিযান।
উল্লেখ্য যে, সৰুপথাৰ সম জিলাৰ বৰপথাৰ সৰুপথাৰকে ধৰি বিভিন্ন স্থানত বাইক ৰাইডাৰ্ছৰ অতপালি দিনক দিনে বৃদ্ধি পাই আহিছে । বৰপথাৰৰ বহু নৱপ্ৰজন্মৰ যুৱকো দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু মুখতো পৰিছে । দুৰ্ঘটনা ৰোধ কৰাৰ লগতে বাইক ৰাইডাৰ্ছ আৰু হেলমেট পৰিধান নকৰা লোকক হেলমেট পৰিধান কৰিহে যাবলৈ দিয়ে আৰক্ষীয়ে । এই অভিযান নিয়মিত ভাৱে চলি থাকিব বুলি সংবাদ মাধ্যমক জানিব দিয়ে আৰক্ষীয়ে।
লগতে পঢ়ক :Dergaon News:জটিল ৰোগত আক্ৰান্ত এগৰাকী ৬ বছৰীয়া কনমানি