WATCH | Dergaon News : বিশ্ব শান্তি কামনাৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰমশালাত শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞ
দেৰগাঁও,১৮মে’ : বিশ্ব শান্তি কামনাৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰমশালাত তিনিদিনীয়াকৈ দ্বিতীয় বাৰ্ষিক শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞ অনুষ্ঠিত কৰা হয় । পুৱাৰে পৰা দিনে নিশাই অনুষ্ঠিত হয় যজ্ঞৰ পাৰম্পৰিক নীতিনিয়মবোৰ(Dergaon News)।
পণ্ডিতৰ মন্ত্ৰোচ্চাৰণে গুঞ্জৰিত হয় আকাশ বতাহ। ভক্ত সকলে যজ্ঞত নৈবদ্য আৰু নাৰিকল আগবঢ়াই। লগতে যজ্ঞৰ জড়িয়তে ভাৰতীয় বীৰ সৈনিক সকলৰ বাবেও প্ৰাৰ্থনা কৰি শ্বহীত তৰ্পণ কাৰ্য্যসুচী হাতত লোৱা হয়, লগতে শ্বহীদ হোৱা সেনাৰ আত্মাৰ সদগতি কামনা কৰা হয় ৷
ভাৰতীয় সেনাৰ বাবে যজ্ঞ কমিটিৰ ফালৰ পৰা প্ৰায় ২০ হাজাৰ টকা আগবঢ়োৱা কথা প্ৰস্তাৱ লোৱা হয় । যজ্ঞৰ জড়িয়তে দেৰগাঁৱবাসী তথা দেশ বাসীৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়।
লগতে পঢ়ক : WATCH | Biswanath News : বিশ্বনাথৰ ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ৰ পথৰ দাঁতিত দৃষ্টি নন্দন দৃশ্য