Local, Vocal, Global

WATCH | Dergaon News : দেৰগাওঁৰ গেন্ধালী কেন্দুগুৰি গাঁৱত ৭ দিনীয়া কাৰ্যসূচীৰে অৱিৰত অখণ্ড ভাগৱত পাঠ

দেৰগাঁও,১৭মে’ : দেৰগাওঁৰ গেন্ধালী কেন্দুগুৰি গাঁৱত ৭ দিনীয়া কাৰ্যসূচীৰে অৱিৰত অখণ্ড ভাগৱত পাঠ। গেন্ধালী সূৰুযমূখী সংঘৰ উদ্যোগত আৰু ৰাইজৰ পূৰ্ণসহযোগত দ্ধিতীয় বাৰ্ষিকী সাতদিনীয়া অৱিৰত ভাগৱত পাঠ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৱ সৃষ্টিৰাজি অসমীয়া সমাজ জীৱনলৈ একতাৰ এনাজৰীৰে বৰ্তাই ৰখাৰ এক অনবদ্য অৱদান ভাগৱত পাঠ(Dergaon News)।

গুৰুজনাৰ মনত একান্ত বিশ্বাস জন্মিছিল যে ভক্তিধৰ্মই ভিন ভিন ধৰ্মীয় বিশ্বাসৰ মানুহবোৰক একগোট কৰিব পাৰিব বা একগোট কৰি ৰাখিব পাৰিব। সকলো লোককে এটি মাথোঁন ধৰ্মীয় বিশ্বাসৰ অধীনলৈ আনিবলৈ এই ভক্তিধৰ্মই হ’ব সৰ্বোত্তম পন্থা। এনে ব্যৱস্থাত উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভেদ নাথাকিব। ধৰ্মীয় অনুষ্ঠানত কোনো জাকজমকতা আৰু ব্যয়বহুলতা নাথাকিব।

এই অবিৰত ভাগবত পাঠত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰা ভকত বৈষ্ণৱৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। জেষ্ঠ,কনিষ্ট গাঁৱৰ ডেকা গাভৰুৱে উতঃপ্ৰোত ভাবে জড়িত হৈছে। ভাগবত পাঠত দেশৰ সাম্প্ৰতিক পৰিস্থিৰ প্ৰতি লক্ষ্য ৰাখিও এই অবিৰত ভাগৱত পাঠ আয়োজন কৰা হৈছে।

লগতে পঢ়ক : WATCH | Nagaon News : চামগুৰিৰ ৪টা জিলা পৰিষদতে জয়ী হ’ল কংগ্ৰেছ