Local, Vocal, Global

WATCH | Dergaon News : দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে মুকলি বিহু উদযাপন

দেৰগাঁও,২১এপ্ৰিল : দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দেৰগাঁওবাসীৰ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে মুকলি বিহু উদযাপন ।

অসমীয়া হেঁপাহৰ ৰঙালী বিহুত ভাতৃত্ববোধ , মৰম-চেনেহ আৰু সম্প্ৰীতিৰ এনাজৰীডাল নজহা নপমাকৈ অটুত ৰখাৰ উদ্দেশ্যে অসমৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু উদযাপনৰ আয়োজন চলিছে। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা(Dergaon News)।

দুদিনীয়া কাৰ্যসূচীৰে ৫ আৰু ৬ ব’হাগ শনি আৰু দেওবাৰে দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত মুকলি বিহু উদযাপন কৰা হয়।

দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। এই মুকলি সভাতে
গৱেষণাধৰ্মী গ্ৰন্থ “বৰগছ” আৰু স্মৃতিগ্ৰন্থ “মাধৈ-মালতী” উন্মোচন কৰা হয় ।

শেষ নিশা সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াই জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই । মুকলি সভাৰ অন্তত সাংবাদিকৰ সৈতে মত বিনিময় কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

লগতে পঢ়ক : WATCH | Teok News : ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪ নং টীয়ক জিলা পৰিষদৰ সীমা গগৈ আৰু ১১ নং উত্তৰ হোলোঙাপাৰ অনন্ত বৰাৰ নিৰ্বাচনী তৎপৰতা