Local, Vocal, Global

WATCH | Dergaon News : ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে নিশা দেৰগাঁৱত ভয়াবহ পথ দুৰ্ঘটনা

দেৰগাঁও,১৭এপ্ৰিল : ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে নিশা দেৰগাঁৱত ভয়াবহ পথ দুৰ্ঘটনা।

দেৰগাঁৱৰ শান্তিপুৰ আৰু অমৃতপুৰ অঞ্চলৰ মাজভাগৰ চাৰিলেনযুক্ত পথত নিশা প্ৰায় দহ বজাত সংঘঢিত হয় এই পথ দুৰ্ঘটনাটো।

AS-05 T 4892 নম্বৰৰ এখন বাইকত দুজনকৈ যুৱক দেৰগাঁৱৰ দিশৰ পৰা ৰঙামাটি দিশে গৈ থকা অৱস্থাত শান্তিপুৰ পাৰ হৈ পথ দুৰ্ঘটনাত পতিত হয়।

ঘটনা কিদৰে সংঘটিত হ’ল সেইয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই। ঘটনাস্থলীৰ কাষৰ ৰাইজে দুই যুৱক পথৰ ওপৰতে চিটিকি পৰি থকা দেখা পায় উদ্ধাৰ কৰে(Dergaon News)।

ৰাইজৰ তৎপৰাত গুৰুতৰভাৱে আহত দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ৰ পৰা পোৱা খবৰ মতে, দেৰগাঁও কৰৈয়নিৰ বিকাশ ৰাজখোৱা নামৰ যুৱকজন চিকিৎসালয় পোৱাৰ আগতেই মৃত্যু মুখত পৰে। আনজন যুৱক দেৰগাঁও ভকতীয়া গাঁৱৰ বুলি জনা গৈছে।

ভকতীয়া গাঁৱৰ যুৱজজনক উন্নত চিকিৎসাৰ বাবে নিশাই যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক : WATCH | Dhing News : ধিং FRUৰ উপ অধীক্ষক ড০ মুকুট বৰাৰ গুণ্ডা গিৰি