Local, Vocal, Global

Dergaon News: বনভোজৰ দলৰ পৰা টকা ঘটাৰ নতুন কৌশল দেৰগাঁৱৰ বনভোজস্থলী চিকাৰী ঘাটত

নিউজ ডেস্ক,২৪ডিচেম্বৰ : এতিয়া বনভোজৰ বতৰ। এই সময়তে বিতৰ্কৰ আৱৰ্তত সোমায় পৰিছে দেৰগাঁৱৰ ঐতিহাসিক চিকাৰীঘাট বনভোজস্থলী । ঐতিহাসিক চিকাৰীঘাট বনভোজস্থলী আপোনাৰ কষ্টোপাৰ্জিত ধন সংগ্ৰহ কৰিবলৈ সাজু হৈ আছে একাংশ সুবিধাবাদী(Dergaon News)।

দেৰগাঁও চিকাৰীঘাট বনভোজস্থলী সুৰক্ষাৰ নামত টকা সংগ্ৰহৰ বৃহৎ ফান্দ পাতি থৈছে একাংশই । যাৰ বাবে চিকাৰীঘাট বনভোজস্থলীক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। চিকাৰীঘাট বনভোজস্থলীলৈ আপুনি আহিলে ভৰিব লাগিব ধন।

কিছু বছৰৰ পৰা বিশেষ এটা সংগঠনৰ নেতৃত্বৰ নাম লৈ চিকাৰীঘাট বনভোজস্থলী সুৰক্ষা প্ৰদানৰ নামত বনভোজকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।আনকি ব্ৰহ্মপুত্ৰ বালিচৰলৈ প্ৰৱেশ কৰা পূ্ৰ্বে এটা সংগঠনৰ নামত সংগ্ৰহ কৰিছে ধন । M.A.C ৰ নাম লৈ একাংশই ব্ৰহ্মপুত্ৰ পাৰঘাটত বালিৰ ওপৰত দলং নিৰ্মাণ কৰি ব্যৱসায় আৰম্ভ কৰিছে।

দলংৰ ওপৰেৰে যাতায়ত কৰিলে খালী মানুহ ১০ টকা,চাইকেলসহ ২০ টকা,বাইক আৰোহীৰ ক্ষেত্ৰত ৫০ টকাকৈ সংগ্ৰহ কৰিছে ধন।স্থানীয় লোকৰ বনভোজকাৰী দলসমূহৰ পৰা অনিয়মৰে ধন সংগ্ৰহত নামি পৰিছে একাংশ লোক।

যাৰ ফলত বিভিন্ন ধৰণে হাৰাশাস্তিৰ সন্মুখীন হৈছে বনভোজকাৰী দলসমূহ।সেয়েহে স্থানীয় ৰাইজে সমগ্ৰ বিষয়টোৰ ওপৰত দেৰগাঁও সমজিলা প্ৰশাসনৰ হস্তক্ষেপৰ আহ্বান জনাইছে যাতে সকলোৱে আনন্দৰে চিকাৰীঘাটত বনভোজ খাবলৈ সক্ষম হয়।

লগতে পঢ়ক :Tragic road accident in Boko:বকোত শোকাৱহ পথ দুৰ্ঘটনা,নিহত এজন