Local, Vocal, Global

WATCH | Dergaon News : অসম ৰাজ্যিক পৰিবহণ নিগমৰ মৃত্যুঘণ্টা! গোহালি সদৃশ পৰিৱেশ দেৰগাঁও অসম ৰাজ্যিক পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ

দেৰগাঁও,১৮মাৰ্চ : অসম ৰাজ্যিক পৰিবহণ নিগমৰ মৃত্যুঘণ্টা। গোহালি সদৃশ পৰিৱেশলৈ পৰিণত হৈছে দেৰগাঁও অসম ৰাজ্যিক পৰিবহণ বিভাগৰ কাৰ্যালয়। পৰিবহণ নিগমৰ কাৰ্যালয়ত নাই এটা প্ৰস্ৰাৱৰ ঘৰ, নাই কৰ্মচাৰীসকলৰ বাবে শোৱনি কোঠা । গৰম, ঠাণ্ডা উভয়ে কৰ্মচাৰী শুৱ লাগে পকা মজিয়াত।

বহু দূৰণিবটীয়া যাত্ৰীসকলক দিব পৰা নাই প্ৰস্ৰাৱৰ ঘৰ, অলপ জিৰনি ল’ব পৰা সুবিধা। ফলত কৰ্মচাৰী সকলে বিভিন্ন জনৰ পৰা কৰ্কণ্ঠনা শুনিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।
মাত্ৰ দুজন চৰকাৰী কৰ্মচাৰী লগতে দুজন চকীদাৰসহ ড্ৰাইভাৰ লৈ চলি আছে এই পৰিবহণ নিগমৰ দেৰগাঁৱৰ কাৰ্যালয়টো(Dergaon News)।

পূৰ্বতে দেৰগাঁও অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত আছিল কেবাখনো যাত্ৰীবাহী বাছ। যাত্ৰীবাহী বাছ সমূহত বিভিন্ন স্থানলৈ গৈছিল যাত্ৰী সকল।

এতিয়া মাথো দুখন যাত্ৰীবাহী বাছেৰে যাত্ৰীক অনা নিয়া কৰিব লাগে। চৰকাৰ তথা বিভাগীয় বিষয়াৰ প্ৰতি আহ্বান মৃত্যু ঘণ্টা বজা এই অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়টো পুনৰ কাৰ্যক্ষম কৰি ৰাইজৰ বাবে সুবিধা প্ৰদান কৰি দিয়ে যেন।

লগতে পঢ়ক : WATCH | Akhilesh Yadav : ইফতাৰত অংশ গ্ৰহণ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ