WATCH | Dergaon News : দেৰগাঁৱত সৰ্ব্ব ভাৰতীয় পৰ্যায়ত মাৰাথান দৌৰ প্ৰতিযোগিতা
দেৰগাঁও,১৬মাৰ্চ : দেৰগাঁৱত দেওবাৰে পুৱাই বিশাল আয়োজনেৰে অনুষ্ঠিত হয় সৰ্ব্বভাৰতীয় পৰ্যায়ৰ এক মাৰাথান দৌৰ প্ৰতিযোগিতা ।
যোদ্ধা হাফ মাৰাথান দৌৰ নামাকৰনেৰে আয়োজন কৰা এই প্ৰতিযোগিতাৰ মুখ্য উদ্দেশ্য হ’ল ড্ৰাগচ আৰু গুটখাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰা। দেৰগাঁৱৰ মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত বিশেষ ভাৱে অংশ গ্ৰহণ কৰে প্ৰাক্তন ভাৰতীয় নৌসেনা বিষয়া মাৰ্কচ প্ৰবীন কুমাৰ টিয়তীয়া,দেৱোত্তম অসম নামেৰে পৰিচিত ডাক্তৰ দিপম কুমাৰ বৰ্মন আৰু গুৱাহাটীৰ ডাউন টাউন হস্পিতালৰ চিকিৎসক মিনাক্ষী হৰিহৰণে(Dergaon News)।
এই প্ৰদৰ্শনীমূলক দৌৰত অংশ গ্ৰহণ কৰে বহু সংখ্যক যুৱক-যুৱতী আৰু স্থানীয় লোকে। সৰ্ব্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা এই মাৰাথান দৌৰ প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে খুমটাইৰ সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই।
উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া মেঘালয়,নাগালেণ্ডৰো প্ৰতিযোগীসহ প্ৰায় পাঁচশ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছে।
লগতে পঢ়ক :WATCH | Sivasagar News : শিৱসাগৰ জিলাৰ এগৰাকী যুৱতীয়ে ঘৰতে প্ৰস্তুত কৰিছে উখোৱা চাউলৰ কে’ক