Dergaon News:জটিল ৰোগত আক্ৰান্ত এগৰাকী ৬ বছৰীয়া কনমানি
দেৰগাঁও,২৮ ডিচেম্বৰ : দেৰগাঁৱৰ এগৰাকী ৬ বছৰীয়া কনমানি আক্ৰান্ত জটিল ৰোগত।দেৰগাঁও নগৰৰ ৩নং ৱাৰ্ড ফুকন নগৰৰ অনন্যা দেৱী নামৰ এজনী ৬বছৰীয়া কণমানি স্নায়ুজনিত এক জটিল ৰোগত আক্ৰান্ত।
দিন হাজিৰা কৰি পোহপাল দিয়া পৰিয়ালটোৱে চিকিৎসা কৰি সৰ্বস্বান্ত হৈ পৰে। দিন হাজিৰা কৰা পিতৃ হাৰি গৈছে সন্তানৰ চিকিৎসা কৰি। চৰকাৰী কোনো আঁচনিৰ সুবিধাও আজিলৈকে পোৱা নাই পৰিয়ালটোৱে ,বিশেষকৈ অৰুণোদয় বা ৰেচন কাৰ্ডখনো আজিলৈকে পোৱা নাই(Dergaon News)।
দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰ তথা হৃদয়বান লোকৰ পৰা চিকিৎসাৰ বাবে সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে।
কণমানি জনীৰ পিতৃ সঞ্জয় দেৱ শৰ্মা আৰু মাতৃ জোনমণি দেৱী।কণমানিজনীৰ পৰিয়ালৰ লোকে অসমৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা লগতে কোনো সদাশয় ব্যক্তিৰ পৰা সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে।
কোনো সদাশয় লোকে যদি সহায় কৰিব বিচাৰে তেন্তে SBI দেৰগাঁও শাখাৰ একাউণ্ট নম্বাৰ 42319591568 ত সহায় আগবঢ়াব পাৰিব।