Local, Vocal, Global

Watch | Dergaon mother daughter missing case: দেৰগাঁও ফেটাবস্তিৰ পৰা সন্ধানহীন ৰুকচানা বেগম নামৰ এগৰাকী বোৱাৰী আৰু ৫ বছৰীয়া কনমানি

দেৰগাঁও : দেৰগাঁত নিৰবিচিন্ন ভাৱে সংঘটিত হৈছে বোৱাৰী নিৰুদ্দেশৰ দৰে ঘটনা। দেৰগাঁৱৰ পৰা কেইবাগৰাকীও বোৱাৰী চলিত মাহতে সন্ধানহীন হৈছে। দেৰগাঁও ফেটা বস্তিৰ বিতুল আলিৰ পত্নী ৰুকচানা বেগম আজি ৫ দিনৰ পৰা সন্ধানহীন হৈছে। স্বামী আৰু পৰিয়ালে বিভিন্ন স্থানত বিচাৰকোচাৰ কৰিও কোনো সুত্ৰপাত লাভ কৰা নাই। উপায়ন্তৰ হৈ দুৰ্ভগীয়া পৰিয়াটোৱে দেৰগাঁৱ আৰক্ষীৰ কাষ চাপে।

নিৰুদ্দিষ্ট মহিলাগৰাকীৰ বয়স প্ৰায় ২৯ বছৰ , উচ্চতা প্ৰায় ৫ ফুট , বৰণ মিঠাবৰণীয়া , লগত আছে তেওঁৰ ৫ বছৰীয়া কনমানি সন্তান ৰুহেনা বেগম।বোৱাৰী আৰু নাতিনীক বিচাৰি হাবাথুৰি খাইছে পৰিয়ালটোৱে। কোনো সদাশয় লোকে যদি সন্ধান পাই উক্ত নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ আহ্বান 8724096437 /9365323895৷

লগতে পঢ়ক: Watch | Lumding news: লামডিং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি চালকৰ উত্তাল প্ৰতিবাদ