Watch | Dergaon bihu Workshop: দেৰগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ হৈছে দেৰগাঁৱত বিহুৰ কৰ্মশালা

দেৰগাঁও: অসমীয়াৰ বাপুতি সাসোন ৰঙালী বিহু পিৰালি চুকত। ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহুৰ কৰ্মশালা। ঢোল ,পেপা তালৰ শব্দই মুখৰিত হৈছে অসমৰ আকাশবতাহ। তাৰ সমান্তৰালভাৱে দেৰগাঁও আঞ্চলিক ছাত্ৰসন্থাৰ অন্তৰ্গত দেৰগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ উদ্যােগত ১৫ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ আৰম্ভ হৈছে বিহুৰ কৰ্মশালা । য’ত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ছাত্ৰছাত্ৰী সকলক বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিব। য’ত মুখ্য প্ৰশিক্ষক হিচাপে আছে বিহুৰ সাধক মুনীন গগৈ ,অলিম্পিকা ভূঞা আৰু সুকন্যা হাজৰিকা। দেৰগাঁও অঞ্চলৰ কনকন ছাত্ৰছাত্ৰী সকলে ইয়াত প্ৰশিক্ষণ লাভ কৰিছে।