Local, Vocal, Global

Deputy Chief Minister Pawan Kalyan receives ‘death threat’: অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ লৈ ফোনযোগে হত্যাৰ ভাবুকি

নিউজ ডেস্ক,১০ডিচেম্বৰ : অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী লৈ এটা বিশেষ ফোন ।এজন অচিনাক্ত ব্যক্তিয়ে অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ কাৰ্যালয়লৈ কৰিছিল ফোন।

ফোনত অচিনাক্ত ব্যক্তিজনে উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণক হত্যাৰ ভাবুকি প্ৰদান কৰে লগতে দিয়ে অশ্লীন গালি9Andhra Pradesh: Deputy Chief Minister Pawan Kalyan receives ‘death threat’)৷

এই ভাবুকি বাৰ্তা পোৱাৰ পাছতে কাৰ্যালয়ৰ কৰ্মচাৰীয়ে অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ তাৰ পাছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় ৷

আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাছতে আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই ঘটনাৰ তদন্ত আৰম্ভ কৰে, লগতে ভাবুকিভৰা ফোন কৰা অচিনাক্ত ব্যক্তিজনৰ সন্ধানত অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াত অভিযান চলায় ৷ কিন্তু সেই নিৰ্দিষ্ট ফোন নম্বৰটোৰ চুইচ অফ হৈ থকাৰ বাবে সোমবাৰে নিশালৈকে তেওঁৰ কোনো সন্ধান নাপাই।

আৰক্ষীয়ে উল্লেখ কৰা মতে, পৱন কল্যাণক হত্যাৰ ভাবুকি প্ৰদান কৰা ফোনৰ নম্বৰটো হৈছে ৯৫০৫৫ ০৫৫৫৬ । এই নম্বৰটো এন টি আৰ জিলাৰ থিৰুভুৰৰ মল্লিকাৰ্জুনা ৰাওৰ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক:Anundoram Borooah Award 2024:আনন্দৰাম বৰুৱা বঁটাৰ লগতে ড০ বাণীকান্ত কাকতি বঁটা প্ৰদানৰ দিন ঘোষণা !