Local, Vocal, Global

ডাম্পিং গ্ৰাউণ্ডত পৰিণত দেওপাহাৰ সংৰক্ষিত বনাঞ্চল

নিউজ ডেস্ক, ১৪ মাৰ্চঃ প্লাষ্টিকে ভয়াৱহ সংকট কঢ়িয়াই আনিছে বন্যপ্ৰাণীৰ জীৱন আৰু বনজ সম্পদৰ ওপৰত। নুমলীগড়ৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলো জৈৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ বনাঞ্চল । কিন্তু এই বনাঞ্চলক লৈ চূড়ান্ত ভেঙুচালি কৰিছে বন‌ বিভাগৰ এচাম বিষয়া আৰু কৰ্মচাৰীয়ে।

কিছুমান দায়িত্ববোধহীন লোকে মুক্তভাৱে প্লাষ্টিক আবৰ্জনা পেলাই অহাত দেওপাহাৰে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈছে। এই প্লাষ্টিক আৱৰ্জনা ভক্ষণ কৰিছে বন্যপ্ৰাণীয়ে। উল্লেখ্য যে বিগত বৰ্ষত দেওপাহাৰৰ হাতীৰ পেটৰ পৰা বৰ্জিত পদাৰ্থৰ লগত বৃহত্‍ পৰিমাণৰ পলিথিন ওলায়। এই কাৰ্যই প্ৰকৃতি প্ৰেমীসকলক সচকিত কৰি তুলিছিল।

ইফালে গোলাঘাট জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই দেওপাহাৰক সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা দিয়া হৈছিল। তাৰ পিছতো একাংশ কাণ্ডজ্ঞানহীন লোকৰ বাবে দেওপাহাৰত প্ৰকৃতাৰ্থত একো পৰিবৰ্তন হোৱা দেখা নহ’ল।

দেওপাহাৰৰ তিনিও দিশে নতুনকৈ গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠান তথা বজাৰৰ পৰা সকলো বৰ্জিত পদাৰ্থ পেলাবৰ বাবে গোলাঘাট জিলা প্ৰশাসনে যেন ডাম্পিং গ্ৰাউণ্ড হিচাপে দেওপাহাৰ সংৰক্ষিত বনাঞ্চলক ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ব্যৱসায়ীসকলক।

দেওপাহাৰ সংৰক্ষিত বনাঞ্চলক জিলা প্ৰশাসন আৰু বন বিভাগে ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হ’বলৈ দিয়া কথাটোৱে সচেতন মহলক স্তম্ভিত কৰিছে।