Dense Fog in Delhi Hits Flight Operations Again : প্ৰচণ্ড কুঁৱলীৰ বাবে দিল্লীত বাতিল বিমান চলাচল

নেশ্যনেল ডেস্ক, ১৬ জানুৱাৰী : ৰাজধানী চহৰ দিল্লীত বাতিল বিমান চলাচল । মঙলবাৰে পুৱা প্ৰচণ্ড কুঁৱলীৰ বাবে দিল্লীত বাতিল বিমান চলাচল(Delhi Weather) ।
বুধবাৰে পুৱা ৰাজধানী চহৰ দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক ডাঠ কুঁৱলীৰে আৱৰি ধৰে আৰু কুঁৱলীৰ ফলত বহু অঞ্চলত দৃশ্যমানতা প্ৰায় শূন্যলৈ হ্ৰাস পোৱাৰ ফলত কেইবাখনো বিমান চলাচল বিলম্বন কৰে(30 Flights Delayed Amid Dense Fog as North India Reels Under Cold) ।
ৰাজধানী চহৰ দিল্লীত হাড় কঁপোৱা ঠাণ্ডা ৷ কুঁৱলীৰ ডাঠ আচ্ছাদনে ঢাকি ধৰিছে সমগ্ৰ চহৰখনত ৷ ফলত ঘন কুঁৱলীৰ প্ৰভাৱত যাত্ৰীৰ সুবিধাৰ্থে বাবে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে বিমান সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে(Dense Fog in Delhi Hits Flight Operations Again) ৷
এক তথ্য অনুসৰি, মঙলবাৰে পুৱা ঘন কুঁৱলীৰ বাবে IGI ৰ পৰা উৰা মাৰিব লগা ৩০ খন বিমান বিলম্বিত হৈছে ৷ আনহাতে ১৭ খনতকৈও অধিক বিমান বাতিল কৰা হৈছে ৷
উল্লেখ্য যে বিমান বন্দৰত দৃশ্যমানতা মঙলবাৰে পুৱা প্ৰায় ৭ বজাত ১০০ মিটাৰ আছিল, যি পুৱা ৭.৩০ বজালৈ শূন্য হৈ পৰিছিল ৷ একে সময়তে, চফদৰজংত ৫০ মিটাৰ দৃশ্যমানতাৰে অভিলেখ ৰচিছিল ৷ ইফালে, কুঁৱলীৰ বাবে ৩০ খনতকৈও অধিক ৰে’ল সময়তকৈ ২৬ ঘণ্টালৈকে পলমকৈ চলি আছে৷ এনে পৰিস্থিতিত, ৰে’লখন ইয়াৰ নিৰ্ধাৰিত তাৰিখৰ পৰা ১ দিন পিচত চলি আছে ৷ ফলত যাত্ৰীসকলক ব্যাপক সমস্যাত পৰিছে ৷
ৰে’লৱে বিভাগে জনোৱা অনুসৰি, মঙলবাৰে ৩০ খন ৰে’ল ২৬ ঘণ্টা ধৰি পলমকৈ চলি আছিল ৷ ৰে’ল নম্বৰ ২০৮১৮ নতুন দিল্লী-ভুৱনেশ্বৰ ৰাজধানী এক্সপ্ৰেছ ১৪ জানুৱাৰীত নতুন দিল্লীৰ পৰা ভুৱনেশ্বৰলৈ ৰাওনা হোৱাৰ কথা আছিল, কিন্তু ২৬ ঘণ্টা ১৫ মিনিট পলম হোৱাৰ এদিনৰ পিচত ১৫ জানুৱাৰীৰ সন্ধিয়া ৭.১৫ বজাত নতুন দিল্লী ৰে’ল ষ্টেচনৰ পৰা ভুৱনেশ্বৰলৈ ৰাওনা হৈছে ৷ কানপুৰ চেণ্ট্ৰেল পোৱালৈকে, ৰে’লখন ৩০ ঘণ্টা পলম হৈছিল ৷